মুখ্য-পৃষ্ঠা

মৰিয়নিৰ গাভৰু পৰ্বতত গণপ্ৰহাৰত এজন যুৱকৰ কৰুণ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নিৰ গাভৰু পৰ্বতত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। গাভৰু আঠাইশ শিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ এজন বন্ধুৰ সৈতে গৈছিল দেৱাশিস গগৈ নামৰ যুৱকজন।

আঠাইশ শিলৰপৰা বাইকেৰে উভতি আহি থকা অৱস্থাত পথত এটা সৰু দুৰ্ঘটনাক কেন্দ্ৰ কৰি যুৱক জনৰ লগত সংঘাট হয় স্থানীয় একাংশ লোকৰ। ইয়াৰ পিচতে গণ প্ৰহাৰত কৰুণভাবে মৃত্যু হয় যুৱকজনৰ।শুকুৰ বাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনা।

ঘটনাত গুৰুত্বভাৱে আহত যুৱকজন পিচত ভৰ্ত্তী কৰা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত।কিন্ত আজি নিশা মৃত্যু হয় যুৱকজনৰ।নকচাৰীৰ মিল গাঁৱত ঘৰ দেৱাশিস গগৈ উৰফে দুদু নামৰ যুৱকজনৰ।এই ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ মৰিয়নিত।