মুখ্য-পৃষ্ঠা

মৰিয়নীত জন্মদাতা পিতৃ-মাতৃৰ জঘণ্য কাণ্ডঃ কন্যা সন্তান জন্ম হোৱাৰ বাবেই শিশুক এৰি পলায়ন চিকিৎসালয়ৰ পৰা…

asomiyapratidin

ডিজিটেল সংবাদ মৰিয়নীঃ কন্যা সন্তান জন্ম হোৱাৰ বাবেই মৰিয়নী নগৰৰ এক দম্পতীয়ে নিজৰ সদ্যোজাত দেৱশিশুক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এৰি পলায়ন কৰা ঘটনাই মৰিয়নীত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেৱল কন্যা সন্তান জন্ম হোৱাৰ বাবেই দম্পতীহালে তেনে কৰাৰ লগতে সন্তানটিৰ মৃত্যু হোৱা বুলি ভুৱাকৈ প্ৰচাৰ চলোৱাৰ বিষয়ে শেহতীয়াকৈ পোহৰলৈ আহিছে।

এই সন্দৰ্ভত জানিব পৰা মতে, মৰিয়নী নগৰৰ মাজমজিয়াৰ ১ নং ৱাৰ্ডৰ জয়মতী নগৰৰ বাসিন্দা গনেশ মালাকাৰ নামৰ ব্যক্তিজনৰ অন্তঃসত্বা পত্নীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিগত ৭ মে'ত এটি কন্যা সন্তান জন্ম দিয়ে। কিন্তু জন্মৰ পিছতে শিশুটিৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ বাবে চিকিৎসকে শিশুটিক শিশু আই চি ইউ ( নিকু )-ত ভৰ্তি কৰায়।

তাৰ মাজতে সময়ে সময়ে শিশুটিক মাতৃ দুগ্ধ পান কৰাই থকা হয়। অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান জন্ম দিয়া প্ৰসূতি গৰাকীক ১৪ মে'ৰ দিনা চিকিৎসালয় কৰ্তৃপক্ষই ৰিলিজ নিদিয়াকৈ কৌশলেৰে তাৰপৰা পলায়ন কৰে। অমানৱীয় দম্পতীহালে চিকিৎসা মহাবিদ্যালয়ৰ পৰা নিজৰ গৰ্ভজাত সন্তানক বেবী ৱাৰ্ডৰপৰা নিজৰ জিম্মাত নোলোৱাকৈ চিকিৎসালয় খনৰ পৰা মনে মনে অন্তৰ্ধান হোৱাত সমগ্ৰ চিকিৎসালয়খনতে কৌতূহলৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত কেচুৱাটোক দুগ্ধপান কৰোৱাৰ বাবে শিশু আই চি ইউৰ লোকে পিতৃ মাতৃক বিচাৰ খোচাৰ কৰাৰ সময়ত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। চিকিৎসা মহাবিদ্যালয়ৰ শিশু আই চি ইউ ৰ পৰা শিশুটিৰ পিতৃৰ সৈতেও যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় চিকিৎসালয় কৰ্তৃপক্ষ বিফল হয়। অৱশেষত প্ৰসূতি মহিলাগৰাকীৰ সৈতে যোগাযোগ ৰখা মৰিয়নীৰ আশা কৰ্মীগৰাকীৰ সৈতে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই যোগাযোগ কৰি ঘটনা সম্পৰ্কে অৱগত কৰাত লগে লগে আৰম্ভ হয় দম্পতীহালৰ বিৰুদ্ধে বিচাৰ খোচাৰ কৰা অভিযান।

ঘটনাৰ উৎস বিচাৰি আশা কৰ্মীগৰাকী নিশ্চিত হয় যে মালাকাৰ দম্পতী ইতিমধ্যে পুৱাই মৰিয়নীৰ জয়মতী নগৰৰ নিজা ঘৰলৈ আহে। আনহাতে নিৰ্দয় দম্পতীহালে তেওঁলোকৰ নৱজাতক কন্যা সন্তানটিৰ মৃত্যু হ'ল বুলি প্ৰতিৱেশীক অৱগত কৰি ঘটনাৰ সত্যতা লুকুৱাবলৈ চেষ্টা কৰে। আশা কৰ্মীগৰাকীৰ সন্মুখতো কন্যা সন্তান জন্ম হোৱাৰ পিছত মৃত্যু হোৱা বুলি দম্পতীহালে অৱগত কৰে। কিন্তু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সন্তানটি সুস্থ অৱস্থাত জীয়াই থকা আৰু দুয়ো চিকিৎসা মহাবিদ্যালয়ৰ পৰা পলাই যোৱা বুলি উভতি ধৰাত দম্পতীহালৰ অভিপ্ৰায় ওলাই পৰে।

আনকি প্ৰসূতি মহিলাগৰাকীক চিকিৎসকে 'ডিচছাৰ্জ' দিয়া নাই বুলিও চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা অৱগত কৰা হয়। সমগ্ৰ ঘটনা পোহৰলৈ অহাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। উল্লেখ্য যে, মালাকাৰ দম্পতীৰ ইতিমধ্যে দুগৰাকী কন্যা সন্তান আছে। প্ৰতিবেশীসকলৰ মতে, এইবাৰ তেওঁলোকে এটি পুত্ৰ সন্তান আশা কৰিছিল। কিন্তু তেওঁলোকৰ পুনৰ এটি কন্যা সন্তান জন্ম হোৱাৰ বাবেই সন্তানটি সেইদৰে চিকিৎসা মহাবিদ্যালয়ত এৰি দুয়ো পলায়ন কৰে।

পিছত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে দুয়োকে পুনৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি শেহতীয়াকৈ জানিব পৰা গৈছে । আনহাতে, কন্যা সন্তানটি বৰ্তমানেও শিশু আই চি ইউত চিকিৎসাধীন হৈ থকাৰ লগতে ক্ৰমশঃ সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে। নিজ জন্মদাতা পিতৃ-মাতৃৰ এনে অমানৱীয় কাৰ্যই স্বাভাৱিকতে মৰিয়নীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেৱল কন্যা সন্তান জন্ম হোৱাৰ বাবেই নিকৃষ্ট পন্থা অৱলম্বন কৰা পিতৃ-মাতৃ সকলৰ বিৰুদ্ধে কি আইনগত ব্যৱস্থা লয় সেইয়া সময়তহে লক্ষ্যনীয় হ'ব।