মুখ্য-পৃষ্ঠা

মৰিগাঁৱত পৌৰসভাৰ অকৰ্মন্যতাৰ বাবে কোলাৰ কেঁচুৱাৰ সৈতে মাতৃ সোমাল নলাত…

asomiyapratidin

ডিজিটেল সংবাদ, মৰিগাওঁঃ মৰিগাঁও চহৰৰ মাজ মজিয়াত এতিয়া পৌৰ সভাই পাতিছে মৰণ ফাণ্ড। বছৰ বছৰ ধৰি আধৰুৱা হৈয়ে আছে চহৰৰ পানী নিষ্কাশনৰ বাবে বনোৱা নলা। চহৰ খনৰ মাজ মজিয়াত থকা পোষ্ট অফিচৰ সন্মুখত থকা নলাটো বিগত বহুদিন উন্মুক্ত হৈ থকাৰ ফলত সংঘটিত হল ভয়ানক ঘটনা। মৰিগাঁও চহৰৰ বহু ঠাইৰ দৰে ব্যস্ত পোষ্ট অফিচৰ সন্মুখত উন্মুক্ত ভাবে ৰাখিছিল নলাৰ কিছু অংশ।

আজি দুপৰীয়া কোলাত কেঁচুৱা লৈ পদ পথেৰে যাওঁতে উন্মুক্ত নলাত সোমাই পৰে মহিলা গৰাকী। কোলাত থকা কেঁচুৱা সহ সোমাই পৰা মহিলা গৰাকীক ততাতৈয়াকৈ উদ্ধাৰ কৰে উপস্থিত লোক সকলে। এতিয়া প্ৰশ্ন হৈছে যদি নলাত পানী থাকিলৰ হেতেন তেন্তে আজি কেঁচুৱাটোৰ কি হল হেতেন? ৰাতি এন্ধাতত হোৱা হলে কোনে উদ্ধাৰ কৰিলে হেতেন এই মহিলা গৰাকীক? কাৰ ভুলৰ বাবে উন্মুক্ত হৈ আছে চহৰৰ নলা সমুহ?