মুখ্য-পৃষ্ঠা

মৰিগাঁৱত ডাম্পাৰে মহতিয়াই প্ৰাণ কাঢ়িলে স্বামী-স্ত্ৰীৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও চহৰত বৃহস্পতিবাৰে সংঘটিত এক পথ দুৰ্ঘটনাই চহৰখনত শোকৰ ছাঁ পেলাইছে। বৃহস্পতিবাৰে দুপৰীয়া মৰিগাঁও জিলা পৰিষদৰ কাৰ্য্যালয়ৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনটোত থিতাতে নিহত হয় এহাল স্বামী-স্ত্ৰী। নিহত দুগৰাকী ক্ৰমে ত্ৰৈলোক্য ডেকা (স্বামী) আৰু ৰেণু ডেকা (পত্নী)। দুয়োৰে ঘৰ মৰিগাঁও জিলাৰ দন্দুৱাত।

এই দুৰ্ঘটনাৰ শোকাৱহ দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত। চিচি টিভিত বন্দী হোৱা দৃশ্যত প্ৰকাশ পোৱা অনুসৰি নিহত দুয়ো বাইকেৰে ৰাস্তাত ঘূৰোতেই পিছফালৰ পৰা আহি থকা এখন ডাম্পাৰে মহতিয়াই লৈ যায়।

দুৰ্ঘটনাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰিছে আৰক্ষীয়ে।