মুখ্য-পৃষ্ঠা

কোৰোনাঃ জুন মাহত ভাৰতত আক্ৰান্তৰ সংখ্যা দেখিলে আচৰিত হ’ব আপুনি…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰথমে অতিপাত গৰমত কোৰোনাৰ মৃত্যু হোৱাৰ কথা চৰ্চা হৈছিল যদিও ভাৰতত গৰম যিমানে বাঢ়িছে তাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত জুন মাহত ভাৰতত ৩লাখ ৪৮হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা। বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে,জুনৰ দৰ জুলাই মাহতো অব্যাহত থাকিব কোৰোনাৰ প্ৰকোপ।

স্বাস্থ্য মন্ত্ৰণালয়ে যোৱা ৩১মেত জনাইছিল যে, দেশত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১,৮২,১৪৩। ইয়াৰ বিপৰীতে মৃত্যুৰ সংখ্যা আছিল ৫,১৬৪। ইফালে ১ জুলাইত মন্ত্ৰণালয়ে জাৰি কৰা তথ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হলগৈ ৫,৮৫,৪৯৩ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১৭,৪০০গৰাকী।

এই সমূহ তথ্য বিশ্লেষণ কৰি কেৰালাৰ এগৰাকী বিশেষজ্ঞই মতপোষণ কৰিছে যে, জুলাই মাহত ৫-৬লাখ লোক আক্ৰান্ত হব কোৰোনাত। আগষ্ট মাহচতো ভাৰতত এই গতিৰে কোৰোনাত আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।