মুখ্য-পৃষ্ঠা

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে ‘মন্টুৰ মনটো’ঃ মন্দাকিনি গোস্বামীলৈ শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান…

asomiyapratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ অসমৰ গাৱঁলীয়া পটভূমিত নিৰ্মিত এখন চিনেমাই ইতিমধ্যে দুখন ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে অনুমোদন লাভ কৰাৰ পাছত অলপতে মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈ যোৱা ওৱাটাৰফ্ৰন্ট ফিল্ম ফেষ্টিভেলত "শ্ৰেষ্ঠ ভাৰতীয় ছবি" হিচাপে এৱাৰ্ড লাভ কৰাৰ উপৰিও চিনেমা খনে শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে । বৰ্তমানৰ অসমৰ চিনেমা জগতৰ মণ্ডাৱস্তাৰ সময়ত এনে খবৰে চিনেমা উদ্যোগটোলৈ কিঞ্চিত হলেও আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।পূৰবী বৰমুদৈৰ "মন্টুৰ দুখ আৰু মন্টুৰ আনন্দ" নামৰ গল্পটোৰ আধাৰত নিৰ্মাণ কৰা চিনেমা খনৰ পৰিচালনা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ অসম গৌৰৱ এশিঙীয়া গঁড় হত‍্যাৰ ওপৰত নিৰ্মান কৰা "চিকাৰ আৰু চিৎকাৰ" নামৰ তথ‍্য চিত্ৰখনত ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হোৱা ৰমেন বৰাই ।

সংগীত ব‍্যৱস্থাপনা ৰাজীৱ কাশ্যপৰ আৰু ডি আই কালাৰ কৰিছে সুজিত বৰাই । প্ৰডিউচাৰ হিচাপে ৰূপা ফুকন আৰু সীমান্ত শ্যান্দিল্য শৰ্মা থকা চিনেমাখনৰ কেমেৰাৰ কাম কৰিছে হিতেন ঠাকুৰীয়াই । চিনেমা খন কলিয়াবৰৰ বিভিন্ন মনোমোহা লোকেশ্বনত দৃশ্য গ্ৰহণ কৰা হৈছে ।কলিয়াবৰৰ শিলঘাটৰ চামধৰাৰ এটা লোকেশ্বনত শ্বেট বনাই চিনেমা খনৰ দৃশ‍্য গ্ৰহণ কৰা হৈছে । সম্পূৰ্ণ গাঁৱৰ পট ভূমিত নিৰ্মাণ কৰা চিনেমা খন মাক আৰু পুতেকৰ মৰমকলৈ কাহিনী ভাগ আগ বাঢ়িছে । চিনেমা খনত অভিনয় কৰিছে অসমৰ বিশিষ্টা অভিনেত্ৰী মন্দাকিনি গোস্বামী, শিশু শিল্পী অগ্নিমিত্ৰ কাশ্যপ, মহেন্দ্ৰ দাস, পবিত্ৰ ৰাভা, প্ৰশান্ত হাজৰিকা, গৌতম বৰা, ৰেইচেং ফুকন, ৰূপা ফুকনকে আদিকৰি বহু কেইগৰাকীয়ে ।

চিনেমা খনৰ চাউণ্ডৰ কাম চেন্নাই আৰু মোম্বাইত কৰা হৈছে । মোম্বাইত জ্যোতি চেতিয়াই চাউণ্ড মিক্সিঙৰ কাম কৰিছে । চিনেমা খনৰ কো-প্ৰডিউচাৰ হিচাপে কাম কৰিছে বেবী গোহাঁই আৰু সুনয়না ফুকন মহন্তই । ইউ এচ এ- ত চলিত বৰ্ষৰ আগষ্ট মাহত অনুস্থিত হবলগীয়া চিনচিনাতি ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত "মন্টুৰ মন্টু প্ৰদৰ্শন কৰা হ'ব ।

ইতিমধ্যে মহাৰাষ্ট্ৰত অনুস্থিত হোৱা ওৱাটাৰ ফিল্ম ফেষ্টিভেল লাভাআচাত চিনেমাখনে বেষ্ট ইণ্ডিয়ান চিনেমা হিচাপে এৱাৰ্ড পাবলৈ সক্ষম হৈছে । লগতে মন্দাকিনি গোস্বামীয়ে শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । বৰ্তমানৰ কোভিড কালীন সময়ত চিনেমা জগতৰ এনে ভাল লগা খবৰে প্ৰত্যেক জন অসমীয়াক অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰিছে চিনেমা খনৰ পৰিচালক ৰমেন বৰাই । পৰিচালক ৰমেন বৰা কলিয়াবৰ মহকুমাৰ চামধৰা নিবাসী নাৰায়ন বৰা আৰু কিৰন বৰাৰ পুত্ৰ ৷ ৰমেন বৰা আৰু তেঁওৰ দলটোৰ এনে সফলতাক কলিয়াবৰীয়া ৰাইজে শলাগ লৈছে ৷