মুখ্য-পৃষ্ঠা

১৮ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন…

asomiyapratidin

ডিজিটেল ডেস্ক: ১৮ জুলাইৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই সময়চোৱাত চৰকাৰে লোকসভাত চৰ্চা কৰিবলগীয়া বা গৃহীত কৰিব লগীয়া ২০ খনতকৈ অধিক বিধেয়ক উত্থাপন কৰিব।

এই বিধেয়কত আছে বন সংৰক্ষণ সংশোধন বিধেয়ক, শক্তি সংৰক্ষণ সংশোধন বিঝায়ক, পাৰিবাৰিক আদালত সংশোধনী বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক।

লোকসভাৰ সচিবালয়ে শুকুৰবাৰে জাৰি কৰা বুলেটিন অনুসৰি অধিবেশনৰ সময়ত ২৪ খন নতুন বিধেয়কৰ উপৰিও চাৰিখন এনেধৰণৰ বিধেয়ক উত্থাপন কৰিব যাৰ ওপৰত চৰকাৰৰ স্থায়ী সমিতিয়ে চিন্তা চৰ্চা কৰিব।

উল্লেখ্য যে, সংসদৰ বৰ্ষাকালীন অধিৱেশন ১৮ জুলাইৰ পৰা ১২ আগষ্টলৈ চলিব। এই সময়চোৱাত ১৮ খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ এই অধিৱেশন এইবাবে গুৰুত্বপূ্ৰ্ণ হ'ব যে ১৮ জুলাইত অনুষ্ঠিত হব ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৬ আগষ্টত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন।