মুখ্য-পৃষ্ঠা

ৰাজধানীত পুনৰ এজন বিদেশী নাগৰিকৰ দেহত ধৰা পৰিল মাংকিপক্স…

asomiyapratidin

ডিজিটেল ডেস্ক: দিল্লীত পুনৰ এজন বিদেশী নাগৰিকৰ দেহত মাংকিপক্সত আক্ৰান্তৰ খবৰ আহি পৰিছে।৩১ বছৰীয়া মহিলা গৰাকী বিদেশৰ পৰা আহিছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইয়াৰ পাছতেই দেশত মাংকিপক্সত মুঠ ৯ জন লোক আক্ৰান্ত হয় আৰু আটাইকেইজন দিল্লী আৰু কেৰালাৰ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি মহিলাগৰাকীৰ জ্বৰ আৰু ছালৰ ঘাঁ হোৱাৰ পাছতেই  তেওঁক লোক নায়ক জয় প্ৰকাশ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাৰ পাছতেই বিভিন্ন পৰীক্ষা কৰাত তেওঁৰ দেহত মাংকিপক্সে ধৰা দিয়ে।

মঙলবাৰেও এগৰাকী ৩৫ বছৰীয়া বিদেশী মহিলাৰ দেহত মাংকিপক্স ধৰা পৰে।  তেওঁ কোনো ধৰণৰ ভ্ৰমণ কৰা নাছিল। কিন্তু ইয়াৰ পাছতো তেওঁক মাংকিপক্সত পজিটিভ পোৱা যায়।