মুখ্য-পৃষ্ঠা

বান্দৰে প্ৰাণ ল’লে এটি কিশোৰৰ, চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়ালৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে আগ্ৰাত সংঘটিত হয় এক শোকাৱহ ঘটনা। প্ৰায়ে বন্দৰে উপদ্ৰৱ চলাই অহা এই চহৰখনত বুধবাৰে এটি ১৪ বছৰীয়া কিশোৰৰ মৃত্যু হয় বান্দৰৰ আক্ৰমণত।

মৃত কিশোৰটিৰ পৰিয়ালৰ লোকে জনোৱা মতে- 'এই অঞ্চলটোত প্ৰায়ে বান্দৰে উপদ্ৰৱ চলায়। আমি বাট-পথত ওলাই গ'লে প্ৰায়ে হাতত এডাল লাঠী লৈ যাব লগা হয়। বান্দৰে লোকসকলৰ হাতৰ মোনা কাঢ়ি নিয়ে, কামুৰিবলৈ চোঁচা লয়। এই বিষয়ে আমি প্ৰশাসন তথা চৰকাৰক বহু বাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো। কিন্তু বৰ্তমানলৈ কোনো সুফল পোৱা নাই। যদি এনেকৈয়ে চলি থাকে তেন্তে আগন্তুক দিনত আৰু বহু লোক এই বান্দৰবোৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত বা মৃত্যুক সাৱটিবলগীয়া হ'ব পাৰে।'