মুখ্য-পৃষ্ঠা

যুৱ প্ৰজন্মক ভোট দিয়াৰ আহ্বানেৰে টুইটত ছলমান-আমিৰক টেগ মোডীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০১৯ৰ সূচী ঘোষণা কৰা হৈছে। আৰু সকলো ৰাজনৈতিক দলে বিচাৰিছে অধিক সংখ্যক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাটো। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱপ্ৰজন্মক প্ৰেৰণ যোগাই টুইটাৰযোগে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰায়ে ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায়। প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত যুৱ প্ৰজন্মক ভোট দিবলৈ আহ্বান জনোৱা এটা টুইটত কৰিছিল, য'ত অভিনেতা ছলমান খান আৰু আমিৰ খানক টেগ কৰিছিল। তাৰপাছতেই আমিৰ খানে প্রধানমন্ত্ৰীগৰাকীৰ এই টুইটৰ প্ৰত্যুত্তৰ দিছে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰত দেশৰ যুৱপ্ৰজন্মক আহ্বান জনায় লিখিছে- 'ভোট দিয়াতো কেৱল অধিকাৰ নহয়, এয়া কৰ্তব্য।' ছলমান খান আৰু আমিৰ খানক সম্বোধন কৰি কয় এই সময় যুৱ প্ৰজন্মক ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনোৱাৰ সময়। যাতে আমি আমাৰ লোকতন্ত্ৰ আৰু দেশক অধিক শক্তিশালী কৰিব পাৰো।

তাৰপাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই টুইটত আমিৰ খানে কয়- 'ঠিকেই কৈছে ছাৰ আপুনি। আমি সকলোৱে ইয়াত যোগ দিয়াতো জৰুৰী। আহক নিজৰ দায়িত্ব পালন কৰো…'