মুখ্য-পৃষ্ঠা

দেশত অতিশীঘ্ৰেই বন্ধ হ’ব এবাৰ ব্যৱহৃত প্লাষ্টিক…

asomiyapratidin

ডিজিটেল ডেস্ক:  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে one ocean summit ত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। এই সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ কয় যে ভাৰতে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক শেষ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।ভাৰতত ইতিমধ্যে ৩ লাখ যুৱক-যুৱতীয়ে ১৩ টন পেলনীয়া প্লাষ্টিক জমা কৰিছে।লগতে তেওঁ কয় যে ভাৰতে ইতিমধ্যে উপকূলীয় অঞ্চলৰ পৰা প্লাষ্টিক অথবা অন্যান্য জাবৰ ছাফ কৰাৰ বাবে ৰাষ্ট্ৰীয় অভিযান চলাইছে।

মোদীয়ে কয় যে,ভাৰতত সদায় সামুদ্ৰিক সভ্যতা দেখিবলৈ পোৱা যায়। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু সাহিত্যত সামূদ্ৰিক জীৱনৰ লগতে মহাসাগৰৰ বিভিন্ন উপহাৰৰ বিষয়ে কোৱা হৈছে।আমাৰ সুৰক্ষা আৰু সমৃদ্ধি মহাসাগৰৰ লগত জড়িত।তদুপৰি ভাৰতৰ ইণ্ডো-পেচিফিক ওচিয়ন ইনিচিয়েটিভৰ মুখ্য স্তম্ভ হৈছে সামুদ্ৰিক সম্পদ।

মোদীয়ে কয় যে আমি নৌসেমা সকলক সাগৰৰ পৰা পেলনীয়া প্লাষ্টিক ছাফ কৰিবলৈ বিশেষ নিৰ্দেশ দিছো।তেওঁ সন্মিলনত কয় যে একক ব্যৱহাৰ প্লাষ্টিকৰ বিৰুদ্ধে বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ফ্ৰান্সৰ সৈতে যোগদান কৰিবলৈ ভাৰত সুখী হব।

উল্লেখ্য, ৯-১১ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰসংঘ আৰু বিশ্ব বেংকৰ সহযোগত ফ্ৰান্সে "এক মহাসাগৰ সন্মিলন" আয়োজন কৰিছে। এই সন্মিলনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে।