মুখ্য-পৃষ্ঠা

যুদ্ধ টেংক চলোৱাত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চুৰাটৰ হাজিৰাত শুভাৰম্ভ কৰে লাৰছেন আৰু ত'ৰব্ৰৌ আৰ্মড চিছ্টেম কম্প্লেক্স। তেওঁৰ সৈতে এই অনুষ্ঠানত ভাগ লয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে। এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীজনে ভাৰতীয় সেনাৰ বাবে অৰ্পন কৰে কে-৯ নামৰ এখন যুদ্ধৰ টেংক।

যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা ব্যক্তিগত খণ্ডৰ এইটোৱে হ'ব প্ৰথম প্ৰতিস্থান। প্ৰতিস্থানটোত নিৰ্মাণ কৰা টেংকখন 'মেক ইন ইণ্ডিয়া'ৰ ধাৰণাৰে নিৰ্মাণ কৰা হৈছে। প্ৰতিস্থানটোৰ গৃহটো শুভাৰম্ভ কৰি টেংকখনত বহি চলোৱা দেখা গ'ল প্ৰধানমন্ত্ৰীজনক। চাওক তেওঁ টেংকখন চলোৱা সেই দৃশ্য-