মুখ্য-পৃষ্ঠা

৫৬৮ কেজি ওজনৰ কেক কাটি উদযাপন মোডীৰ জন্মদিন

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্বকৰ্মা পূজাৰ লগতে ১৭ ছেপ্টেম্বৰত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। মোডীৰ জন্মদিন বিভিন্ন স্থানত বিভিন্নজনে বিভিন্ন ধৰণে উদযাপন কৰিলে। ১৯৫০চনৰ ১৭ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

বৰ্তমান ৬৮বছৰীয়া মোডীৰ জন্মদিনৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ যাৱেদকাৰ আৰু মুক্তা আব্বাছ নাগবীয়ে এটা প্ৰকাণ্ড কেক কাটিলে। স্বচ্ছতা দিৱসৰ এক অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ সুলভ ইণ্টাৰনেশ্যনেল নামৰ অনু্ষ্ঠানটোৱে আয়োজন কৰা এক কাৰ্যসূচীত লাড়ু আকৃতিৰ এই কেকটো কটা হয়।

মোডীৰ হৈ দুই কেন্দ্ৰীয় মন্ত্ৰী কটা কেকটোৰ ওজন আছিল ৫ কুইণ্টল ৬৮ কেজি। এই অনুষ্ঠানত উপস্থিত থকা সকলোৱে মোডীৰ বাৰ্থ দে' কেক খালে আনন্দ মনেৰে।