মুখ্য-পৃষ্ঠা

হাটশিঙিমাৰী আৱৰ্ত ভৱনত বিজেপিৰ জিলা প্ৰভাৰীৰ সংবদমেল…

asomiyapratidin

ডিজিটেল সংবাদঃ শুকুৰবাৰে পপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যাক জন্ম দিৱস । এই জন্ম দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো বিজেপিৰ কৰ্মকৰ্তা সকলে বিভিন্ন কাৰ্যসূচীৰে জন্ম দিৱস পালন কৰে। জন্ম দিৱস উপলক্ষে শুকুৰবাৰে দিনৰ প্ৰায় ৪.৩০ বজাত হাঠশিঙিমাৰী আৱৰ্ত ভৱনত এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ প্ৰভাৰী দিপক সাহা, উপ প্ৰভাৰী গোপী ঘোষ, জিলা সভাপতি অধিৰ চন্দ্ৰ দাসকে প্ৰায় অৰ্ধ শতাধিক বিজেপিৰ কৰ্মকৰ্তা উপস্থিত থাকে। আজিৰে পৰা অহা ৭ অক্টোবৰলৈ জিলা বিজেপিৰ উদ্যোগত প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে বুলি এই সংবাদমেলোগে প্ৰকাশ কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিবসক লৈ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে আলোচনা হয়।