মুখ্য-পৃষ্ঠা

মোডীৰ জন্মদিনঃ কেনেকৈ ক’ত উদযাপন হ’ল, কেইটামান বিশেষ ক্ষণ

asomiyapratidin

ডিজিটেল ডেস্কঃ বাৰানসীত জন্মদিনৰ দিনা মোডীয়ে কাশী বিশ্বনাথ মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰিলে। লগত আছিল উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ।

দিল্লীত মোডীৰ জন্মদিনাখন কাটিলে ৫৬৮কেজি ওজনৰ কেক।

উন্মোচন হ'ল এখন গ্ৰন্থ। গ্ৰন্থখনৰ নাম "Narendra Modi: A Charismatic & Visionary Statesman"

প্ৰীতি জিন্টাই জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোডীক।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ যাৱেদকাৰ আৰু মুখতাৰ আব্বাছ নাকবীয়ে উন্মোচন কৰিলে আন এখন গ্ৰন্থ। গ্ৰন্থখনৰ নাম- 'The Making Of A Legend'

বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰেও পাতিলে মোডীৰ জন্মদিন। পাটনাত মোডীৰ হৈ জন্মদিনৰ কেক কাটিলে সুশীল কুমাৰে।

আগৰতলাত মোডীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে স্বচ্ছ ভাৰত অভিযানত অংশ ল'লে।

মোডীক জন্মদিনৰ ওলগ যাচিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু অৰুণ জেটলীয়েও জনালে মোডীক জন্মদিনৰ শুভেচ্ছা।

বাৰানসত জন্মদিনৰ দিনা ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময়ৰ এক অনুষ্ঠানত অংশ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।