মুখ্য-পৃষ্ঠা

আজি প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব ‘আয়ুষ্মান ভাৰত’

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে সমগ্র দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰিব দেশৰ সৰ্ববৃহৎ বীমা আঁচনি আয়ুষ্মান ভাৰত। ৰাচীত প্ৰধানমন্ত্ৰীজনে উদ্বোধন কৰিবলগীয়া এই আঁচনিৰ জৰিয়তে দেশৰ সকলো লোকে স্বাস্থ্যজনিত সা-সুবিধা সমূহ পাব পৰাকৈ প্ৰধানমন্ত্ৰী ধন জন আৰোগ্য যোজনাক উন্নীতকৰণ কৰা হ'ব।

এই আঁচনি খনৰ সুবিধা লাভ কৰিবৰ বাবে কৰ্কট ৰোগীসকলে চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ কোনো বাধ্য বাধকতা নাই। চিকিৎসালয়লত ভৰ্তি নোহোৱাকৈয়ে তেওঁলোকে লাভ কৰিব পাৰিব ৫ লাখ টকাৰ সাহাৰ্য্য। ২৮ আগষ্টত এই আঁচনিৰ কিছু নিৰ্দেশাৱলী প্ৰকাশ পাইছিল। সেই অনুসৰি কৰ্কট ৰোগীসকলে 'আয়ুষ্মান ভাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য যোজনা'ৰ অধীনত পাব সুবিধাসমূহ।

আনহাতে, ৫০ কোটি জনসাধাৰণৰক সাঙুৰি লোৱা এই আঁচনিখন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ আঁচনি। দেওবাৰে ৰাজ্যিক পৰ্যায়ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভাৰম্ভ কৰিব এই আঁচনিৰ।