মুখ্য-পৃষ্ঠা

এয়াই ৰাজনীতি! অভিনন্দনৰ সৈতে হৰ্ডিঙত মোডী…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনা জোৱানৰ এজন অৱসৰপ্ৰাপ্ত লেঃ জেনেৰেলে কৰা এটা টুইটক লৈ ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে। প্ৰাউড অৱ আৱাৰ পি এম শিৰোনামেৰে এই টুইটটোত এখন বিশেষ ফটো টুইট কৰিছে অৱসৰপ্ৰাপ্ত লেঃ জেনেৰেল এইচ এছ পাংগাই। তেওঁ টুইট কৰা ফটোখনত দেখা পোৱা গৈছে- এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ ফটো। তাৰকাষতে আছে মনোজ মহলাবক নামৰ এজন বিজেপি স্থানীয় নেতাৰ আলোকচিত্ৰ। হৰ্ডিংখনত লিখা আছে- 'মোডী হে তো মুমকিন হে'। তাৰ তলতেই নমো এগেইন ২০১৯ বুলি হৰ্ডিংখনৰ সোঁকোণত অভিনন্দন ৱৰ্থমানৰ ফটো অঁৰা হৈছে।  লগতে আন ৫ জন বিজেপি নেতাৰ ছবিও আছে এই হৰ্ডিংখনত।

এই টুইটটোৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে- এনেদৰে কোনো স্থানীয় নেতাই হ'লেও ভাৰতীয় সেনা জোৱানক লৈ ৰাজনীতি কৰাটো অনুচিত। ইলিয়াছ মনছুৰী নামৰ এজনে এই টুইটটোৰ প্ৰত্যুত্তৰ দি উল্লেখ কৰিছে- আহমেদাবাদত এনে শতাধিক পোষ্টাৰ অঁৰা হৈছে। কোনোবাখনত মোডী টেংকৰ ভিতৰত আৰু কোনোবাখনত অভিনন্দনৰ লগত থকা ফটো আছে। ভাৰত-পাকিস্তানৰ সংঘাতৰ সময়ত পাক সেনাৰ হাতত বন্দী হোৱা অভিনন্দন ৱৰ্থমানক লৈ সমগ্ৰ দেশবাসীয়ে গৌৰৱ কৰে। সেই সময়তে এইদৰে তেওঁলোকক লৈ কোনো পক্ষই ৰাজনীতি কৰা উচিত নহয় বুলি মন্তব্য কৰিছে বিভিন্ন জনে।