মুখ্য-পৃষ্ঠা

নিৰ্বাচনৰ সময়ত মডেল ক’ড অৱ কণ্ডাক্ট প্ৰযোজ্য হ’ব ছ’চিয়েল মিডিয়াতো

asomiyapratidin

ডিজিটেল  ডেস্কঃ নিৰ্বাচনৰ সময়ত এতিয়াৰ পৰা মডেল ক'ড অৱ কণ্ডাক্ট প্ৰযোজ্য হ'ব ছ'চিয়েল মিডিয়াত। দেশৰ নিৰ্বাচন আয়োগে এই বিষয়ে চিন্তা চৰ্চা কৰিছে।

ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সময়ৰ ৪৮ ঘণ্টাৰ পূৰ্বৰ পৰা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা লৈকে ছচিয়েল মিডিয়াৰ জৰিয়তে কোনো প্ৰাৰ্থীয়ে চলাব নোৱাৰিব প্ৰচাৰ। অচিৰেই তেনে এক নিৰ্দেশনা জাৰি কৰাৰ ইংগিত দিলে দেশৰ নিৰ্বাচনী আয়ুক্ত ঔম প্ৰকাশ ৰাওতে।

চি এন বি চি-অৱাজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ লগতে বছৰত দেশত এটাহে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে। প্ৰনিধানযোগ্য যে ইতিমধ্যে 'এক দেশ এক নিৰ্বাচন'ক লৈ দেশজুৰি আলোচনা হৈয়ে আছে।

ভাৰতৰ ইতিহাসত ১৯৫১চন আৰু ১৯৬৭চনত লোকসভা নিৰ্বাচনৰ লগতে প্ৰত্যেকখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

এই সন্দৰ্ভত মন্তব্য কৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়- ইয়াৰ বাবে প্ৰস্তুত হ'বলৈ দীৰ্ঘ সময়ৰ প্ৰয়োজন হ'ব। আইনী প্ৰক্ৰিয়া আৰু আন্তঃগাঁথনি যথেষ্ট সলনি কৰিব লাগিব।

লিগেল ফেমৱৰ্ক তৈয়াৰ নোহোৱাকৈ এই সন্দৰ্ভত আমি কোনো কথা এতিয়াই  ক'ব পৰা অৱস্থাত নাই। তেওঁ জনাই যে, ২০১৯চনৰ লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিবলৈ প্ৰায় ২৪লাখ ই ভি এম মেচিনৰ প্ৰয়োজন হ'ব।