মুখ্য-পৃষ্ঠা

হাতত বন্দুক লৈ মাতাল বিধায়কৰ উন্মাদ নৃত্য, বিজেপিয়ে কৰিলে দলৰ পৰা বহিস্কাৰ, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ মদৰ ৰাগীত হাতত বন্দুক লৈ উন্মত্ত নৃত্য কৰা উত্তৰাখণ্ডৰ বিতৰ্কিত বিজেপি বিধায়ক প্ৰণৱ সিং চেম্পিয়নক অৱশেষত দলৰ পৰা নিলম্বিত কৰাৰ সিদ্ধান্ত লৈছে বিজেপি নেতৃত্বই। প্ৰণৱ চেম্পিয়নৰ মদৰ ৰাগীত কৰা উন্মাদ নৃত্যৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে শুকুৰবাৰে দলে বিধায়কগৰাকীক নিলম্বনৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ খানপুৰ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰণৱ চেম্পিয়নে ইয়াৰ পূৰ্বে এগৰাকী চৰকাৰী কৰ্মচাৰীক ৰাজপথত প্ৰহাৰ কৰি বিতৰ্কত সোমাই পৰিছিল। সেই সময়ত বিজেপি নেতৃত্বই বিধায়কগৰাকীক সকীয়নি প্ৰদান কৰিছিল।

ইফালে এইবাৰ বিধায়কগৰাকীয়ে হাতত ৪-৫টা বন্দুক লৈ নিচাত মাতাল হৈ কৰা নৃত্য ভাইৰেল হৈ পৰাৰ পিছতে বিজেপি বিধায়কজনৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিভিন্ন জন। বিৰোধীয়েও শাসকীয় দলটোক সমালোচনা কৰি এনে বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে নাই বুলি প্ৰশ্নৰ উত্থাপন কৰে। ইয়াৰ পিছতেই বিজেপিয়ে বিধায়ক প্ৰণৱ চেম্পিয়নক দলৰ পৰা নিলম্বন কৰাৰ সিদ্ধান্ত লয়।