kamalakhya dey
kamalakhya dey  
মুখ্য-পৃষ্ঠা

গণতন্ত্ৰক হত্যা কৰিছে অসম চৰকাৰে ! বিদ্যুতৰ বৰ্ধিত মাচুল সন্দৰ্ভতো সৰৱ হ'ল বিধায়ক কমলাক্ষ দে পুৰকায়স্থ...

Asomiya Pratidin

ডিজিটেল সংবাদ মায়ংঃ বিদ্যুতৰ বৰ্ধিত মাচুলক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকাস্হই আজি ৰাজ্য চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে। আজি পবিতৰাৰ ঝিঝিনা ৰিজৰ্টত উপস্থিত হোৱাৰ পাছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমীয়া প্ৰতিদিনৰ আগত ক্ষোভ প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি অসমৰ ৰাইজৰ ওপৰত ৰামটাঙোন সোধাইছে।

তেওঁ কয়, এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংলঙ্ঘী মূল্যবৃদ্ধি আৰু আনফালে চৰকাৰৰ মন্ত্ৰী মণ্ডলীৰ টুলুঙা মন্তব্যই অতিষ্ঠ কৰিছে সৰ্ব সাধাৰণ জনতাক। অসম চৰকাৰৰ কোনো এজন মন্ত্ৰীৰ কথাৰ আজি গুৰুত্ব নোহোৱা হৈছে। ইজন মন্ত্ৰীৰ লগত সিজনৰ কথাৰ মিল নাই।অসমৰ ৰাইজক চুড়ান্ত ভাৱে প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিছে  এইখন চৰকাৰ ।

তাৰোপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত  চৰকাৰৰ  শেহতীয়া স্থিতি সম্পৰ্কে সোধা আন এক প্ৰশ্নৰ উত্তৰত বিৰোধী বিধায়ক হিচাপে কমলাক্ষই কয় যে, এই ক্ষেত্ৰত বিজেপি চৰকাৰে ৰাজনীতি কৰিছে। দিল্লী, দিছপুৰত ডাবল ইঞ্জিনৰ চৰকাৰচলি থকাৰ পাছতো কিয় প্ৰতাৰণা কৰি থকা হৈছে সেয়া বুজি পোৱা নগ'ল।

আনহাতে সংবাদ মাধ্যমৰ কৰ্মীক প্ৰশ্ন কৰাৰ পৰা বিৰত থাকিবলৈ  মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্য সন্দৰ্ভত কংগ্ৰেছ বিধায়ক জনে কয় যে, অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিকে যি কোনো প্ৰশ্ন কৰিব নোৱাৰা বিষয়টো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। গণতন্ত্ৰৰ কণ্ঠ ৰুদ্ধ কৰিব বিচৰা হৈছে এইখন চৰকাৰৰ দিনত।

প্ৰশ্ন কৰিলেই মালিকক কৈ দিম বুলি ভাবুকি দিয়াৰ যি প্ৰৱণতা সেয়া অসমৰ সংবাদ মাধ্যমৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা।ৰাষ্ট্ৰীয সংবাদ মাধ্যমত ঠিকেই উত্তৰ দিব পাৰে, কিন্তু অসমত হলে নোৱাৰে। তৰুণ গগৈৰ দিনত এনে পৰিবেশ হোৱা নাছিল বুলিও তেখেতে উল্লেখ কৰে।