আঘোণৰ পথাৰত ধান কটাত ব্যস্ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ...
আঘোণৰ পথাৰত ধান কটাত ব্যস্ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ... 
মুখ্য-পৃষ্ঠা

আঘোণৰ পথাৰত ধান কটাত ব্যস্ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ সোণাৰীঃ আঘোণৰ পথাৰত পকা ধানে ৰিঙিয়াই ৷ আঘোণৰ পথাৰত দাৱনীৰ কাচিৰ কেচ্ কেচ্ শব্দ। কৃষকৰ সোণোৱালী সপোন ৷

আঘোণৰ এই সোণোৱালী সময়তে সোণগুটিৰ পথাৰত দাৱনীৰ ৰূপত দেখা গ’ল সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক ।

শনিবাৰে বৰহাট চাংমাই গাঁৱত স্থানীয় ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা ধান দোৱাৰ অনুষ্ঠানত এনেদৰে দেখা যায় বিধায়কগৰাকীক ৷ এই কাৰ্যসূচীত বিধায়কগৰাকী লগত বৰুৱাছালী জিলা পৰিষদৰ সদস্যা পূৰৱী দুৱৰা গগৈ, নাহৰপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰীতিময়ূৰী গগৈ আৰু মহিলা মৰ্চাৰ কৰ্মীসকলেও অংশগ্ৰহণ কৰে ৷