মুখ্য-পৃষ্ঠা

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগ দিব মিথুনে…

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত বজাব নিৰ্বাচনী ৰণডংকা। বিগ্ৰেড মৈদানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিব বিশাল জনসভা। এই জনসভাত বংগৰ ৰাজনৈতিক পট পৰিৱৰ্তন হোৱৰ আশাংকা প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

বিগত দিনত চৰ্চা হৈ থকা বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে বিজেপিত যোগদানৰ প্ৰসংগটোও আজি স্পষ্ট হৈ পৰিব। এই বিশাল জনসভাতে অভিনেতাগৰাকীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ সম্ভাৱনা আছে।

চলি থকা চৰ্চাক আৰু অধিক তৰাম্বিত কৰি শনিবাৰে নিশা পশ্চিম বংগৰ বিজেপিৰ প্ৰভাৰী কৈলাশ বিজয়বৰ্গীয়ক সাক্ষাত কৰে মিথুনে। এই সাক্ষাততে বিজেপিত যোগদানৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লৈছে বুলি বাতৰি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে।