mising student union
mising student union 
মুখ্য-পৃষ্ঠা

ঢকুৱাখনাত সদৌ মিচিং ছাত্ৰ সন্থাৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ১৯৭১  চনৰ ১৬ অক্টোবৰত  ধেমাজি জিলাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আত্মপ্ৰকাশ কৰা ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ অন্যতম সংগ্ৰামী চালিকা শক্তি স্বৰূপ টাকাম মিচিং পৰিন কৌবাংৰ গৌৰৱোজ্জ্বল ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে ৰাজ্যজুৰি উদযাপিত হয়।

ৰাজ্যৰ মুঠ ১২১ খন জিলা সমিতিক সামৰি গঠিত টাকাম মিচিং পৰিন কৌবাংয়ে মিচিং অধ্যুষিত এলেকাক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসন  প্ৰদানেৰে এখন প্ৰগতিশীল , উৎকৃষ্ট শৈক্ষিক , গুণগত  সমাজ সভ্যতা গঠনৰ প্ৰধান লক্ষ্যৰে ৫০ বছৰীয়া সংগ্ৰামী যাত্ৰা অতিক্ৰম কৰা  টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত ঢকুৱাখনা জিলা সমিতিৰ মুঠ ১১ খন আঞ্চলিকৰ উদ্যোগত দেওবাৰে দিনজোৰাকৈ নিজ নিজ বাংকেত উদযাপিত হয় প্ৰতিষ্ঠা দিৱস । 

সেই অনুসৰি ঢকুৱাখনা জিলা সমিতিৰ পূব ঢকুৱাখনা , মাতমৰা , খেৰকটা , ডাংধৰা , ডিমৰুগুৰি , সোনাৰী চাপৰি , মৰনৈ , বৰ্ষামুখ ,  সোৱণশিৰী , বিলমুখ আদি সকলো বাংকেত দিনজোৰাকৈ প্ৰতিষ্ঠা দিৱস  উদযাপন কৰে । 

পতাকা উত্তোলন , সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে ৰাজহুৱা সভাৰে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰে । পূব ঢকুৱাখনা বাংকেৰ উদ্যোগত অল আসাম জনজাতি  মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণতো অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাবে  মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু  , মিচিং মিমাগ কৌবাংৰ বিষয়ববীয়া মোহন পেগু, টি এম পি কেৰ প্ৰাক্তন কেন্দ্ৰীয়  উপ সভাপতি জ্যোতিষ পেগু ,অমৃত দলে আদিয়ে অংশগ্ৰহণ কৰে।

জাতীয় সংগঠনটোৰ সোণালী জয়ন্তী গৰকা বৰ্ণিল  ইতিহাস আৰু এই ৫০ বছৰীয়া গৌৰৱোজ্জ্বল  জাতীয় প্ৰাপ্য বিচৰা  গণতান্ত্ৰিক সংগ্ৰামত প্ৰাণাহুতি দিয়া ছহীদ গণযোদ্ধা সকলৰ সশ্ৰদ্ধ স্মৰণ কৰে  মুখ্য অতিথি পেগুৱে ।

জাতীয় সংগঠনটোৰ ৫০ বছৰীয়া  ইতিহাস সুঁৱৰি অনাগত সময়ত সংগঠনটোৰ  ওপৰত ন্যস্ত নৃগোষ্ঠীয় দায়িত্ব কৰ্তব্য সন্দৰ্ভত অবলোকণ কৰে অধ্যক্ষ পেগুৱে ।  তেওঁ শিক্ষাৰ মানদণ্ড উন্নয়ন ,জীৱন জীৱিকাৰ বিকাশ সাধন , ভূমিপুত্ৰ জনগোষ্ঠীটোৰ সৰ্বাংগীন উত্তৰণৰ বাবে জাতীয় সংগঠনটোৰ কৰণীয়তা  আৰু এই মহান পদক্ষেপত স্বগোষ্ঠীয় নাগৰিকৰ দায়িত্ব কৰ্তব্য সন্দৰ্ভত  বিস্তৃত ব্যাখ্যা আগবঢ়াই ।

সোৱণশিৰী বাংকেত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় নেতা খনিন্দ্ৰ মেদক , অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব জিতেন পেগু , গৰিষ্ঠ সংখ্যক শিক্ষবিদ উপস্থিত থাকি মুকলি সভাত বক্তব্য ৰাখে। প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰি  প্ৰতিষ্ঠা দিৱসৰ সামৰণি মাৰে।