''ইস্ ইস্ আস্ আস্'' নাটকত মন্ত্রী ৰনজিত কুমাৰ দাসঃ আৱাহনৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়েও কৰিলে অভিনয়...
''ইস্ ইস্ আস্ আস্'' নাটকত মন্ত্রী ৰনজিত কুমাৰ দাসঃ আৱাহনৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়েও কৰিলে অভিনয়...  
মুখ্য-পৃষ্ঠা

''ইস্ ইস্ আস্ আস্'' নাটকত মন্ত্রী ৰনজিত কুমাৰ দাসঃ আৱাহনৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়েও কৰিলে অভিনয়...

Asomiya Pratidin

ডিজিটেল সংবাদ পাঠশালাঃ ''আমি নাটক চাম, আপোনালোকে নাচায় আঁতৰি যাওক। নাটমণ্ডল পাঠশালাৰ ব্ৰজনাথ শৰ্মা নাটঘৰৰ নাট্য সম্ৰাট চন্দ্র চৌধুৰী মঞ্চত আজি সন্ধিয়া দৰ্শকৰ আসনত বহি থকা জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰনজিত কুমাৰ দাসে মঞ্চত উঠি গৈ খঙত নাটক বন্ধ কৰিব অহা কেইবাজনো ব্যক্তিক খেদি পঠিয়াই।

২৪ ডিচেম্বৰ পৰা পাচদিনীয়াকৈ অনুষ্ঠিত হোৱা নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজি চতুর্থ দিনা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক নাট্যকাৰ নিতুল কুমাৰ মেধিৰ ৰচনা পৰিচালনাৰ নাটক ''ইস্ ইস্ আস্ আস্'' নাটকত অভিনয় কৰি জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰনজিত কুমাৰ দাসে শতাধিক দৰ্শকৰ মন মোহিত কৰি তোলে।

নাট্য সম্ৰাট চন্দ্র চৌধুৰীৰ সোঁৱৰনত অনুষ্ঠিত হোৱা নাটকখনত আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজকসহ বজালীৰ ভিন্ন প্ৰান্তৰ ডেৰকুৰিৰো অধিক শিল্পীয়ে অভিনয় কৰে। ব্ৰজনাথ শৰ্মাই নাটকত ছোৱালীৰ দ্বাৰা অভিনয় কৰাৰ পৰা প্ৰথম অসমীয়া কথাছবি জয়মতীত আইদেউ সন্দিকৈয়ে জয়মতীৰ অভিনয় কৰি সমাজৰ পৰা লাঞ্ছিত হোৱাৰ প্ৰতিচ্ছবি উজ্জীবিত কৰাৰ পিছত আজি একবিংশ শতিকাতো নাটক চিনেমা কৰা ছোৱালীক এচামে বেয়া দৃষ্টিৰে চোৱা কাহিনী সূন্দৰ ৰূপত উপস্থাপন কৰিছে নাট্যকাৰ নিতুল কুমাৰ মেধিয়ে।

ব্ৰজনাথ শৰ্মাৰ নাটকত ছোৱালী দেখি খেদি অহা একাংশ দৰ্শকক নাটকৰ অভিনয়ৰ মাজেৰে মন্ত্রী ৰনজিত কুমাৰ দাসে খেদি পুৰুষ মহিলাই সমানে নাটক চিনেমা কৰিব পাৰে বুলি ডাইলগ কয়। নাট্য সম্ৰাট চন্দ্র চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধা নিবেদন কৰে চন্দ্র চৌধুৰীৰ পুত্র নগেন চৌধুৰী আৰু চন্দ্র চৌধুৰীৰ জিয়াৰী মিৰা দত্ত চৌধুৰীয়ে ।

ইয়াৰ মাজতে লোকগীত সম্ৰাট বসন্ত পাটগিৰিক নাটমণ্ডল পাঠশালাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। নাটমণ্ডল পাঠশালাৰ প্ৰযোজনাত অনুষ্ঠিত হোৱা ''ইস্ ইস্ আস্ আস্'' নাটকখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভূপেশ শৰ্মাই।

ইয়াৰ পূৰ্বে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ সৌজন্যত অনুষ্ঠিত হোৱা টিহু ঈগলৰ নাটক বন্ধ বাকচৰ বিষাদ নাটকখন উদ্বোধন কৰে বজালী জিলাৰ উন্নয়ন আয়ুক্ত মানস দাসে আৰু বন্তি প্ৰজ্বলন কৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ সমন্বয়ক ধীৰাজ শৰ্মাই।