মুখ্য-পৃষ্ঠা

ৰাজীৱ ভৱনটো ভাড়ালৈ দিয়াৰ আহ্বান মন্ত্ৰী পীয়ুয হাজৰিকাৰ…

asomiyapratidin

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া ৰোধৰ বাবে এছিয়ান ডেভলপমেন্ট বেংকৰ পৰা প্ৰায় ৩৭শ কোটি টকা লাভ কৰিছে অসম চৰকাৰে।- শুক্ৰবাৰে কলিয়াবৰত এই কথা ঘোষণা কৰে জলসম্পদ মন্ত্ৰী পীয়ুয হাজৰিকাই।

এই ধনেৰে শিলঘাটত এবছৰৰ ভিতৰত গড়াখহনীয়া ৰোধৰ আচনি গ্ৰহণ কৰা হৈছে বুলিও সদৰি কৰে মন্ত্ৰী পীয়ুয হাজৰিকাই। উল্লেখ্য যে, বৃহস্পতিবাৰে অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণত বাতৰি সম্প্ৰচাৰিত হৈছিল শিলঘাট-ৰবৰ বাৰীৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাতৰি। ইয়াৰ পিছতেই শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে জনালে এই কথা।

কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ চৰকাৰী বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈছিল মন্ত্ৰী পীয়ুয হাজৰিকা। আনহাতে, ডিমা হাচাওৰ পৰিৱেশ এতিয়া উন্নত হোৱা বুলিও দাবী কৰে মন্ত্ৰী গৰাকীয়ে।

ইফালে চলিত বৰ্ষৰ বানত জলসম্পদ বিভাগৰ মাত্ৰ এটা মথাউৰি মংগলদৈত ভগা বুলি কয় মন্ত্ৰী পীয়ুয হাজৰিকাই।
আনহাতে ৰাজ্যখনৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কত জানিব বিচৰাত মন্ত্ৰী পীয়ুয হাজৰিকাই কয়– অসমত লাহে লাহে কংগ্ৰেছ দলটো নাইকিয়া হৈ গৈছে।

ৰাজীৱ ভৱনটো ব্যৱসায়িক ভৱন হ'লে ভাড়া দি অন্ততঃ দলটো চলিব পাৰিব। লাহে লাহে কংগ্ৰেছৰ ভোট আপ, এআইইউডিএফ, এজেপিয়ে লৈ লৈছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে। আনহাতে, সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, "বিজেপিৰ বিকল্প কোনো নহয়, আৰু ২০ বছৰলৈ বিজেপি চৰকাৰেই থাকিব।"