মুখ্য-পৃষ্ঠা

দা লৈ মন্ত্ৰীলৈ চোঁচা! ক’ত দিলে ৰাইজে পহুখেদা? চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ এজন মন্ত্ৰী। ৰাজ্যখনৰ এজন শক্তিশালী মন্ত্ৰী তেওঁ। ১৮ নবেম্বৰত তেওঁ গৈছিল এক বিশেষ অঞ্চল পৰিদৰ্শনৰ বাবে। কিন্তু ৰাইজে মন্ত্ৰী গাড়ীকে সোমাব নিদিলে। মন্ত্ৰী গাড়ীত আক্ৰমণৰ বাবে খেদি আহিল ক্ষোভিত ৰাইজ। এজনে হাতত দা লৈ মন্ত্ৰীৰ গাড়ীতে মাৰিলে এটা ঘাপ। তাৰ পাছত আৰু মন্ত্ৰী ক'ত থাকে তাত! চতুৰ চালকে গাড়ীখন পিচুৱাই কোনোমতে মন্ত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে। এই কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে শুকুৰবাৰে ৬জন লোকক আটক কৰিছে।

তামিলনাডুৰ মন্ত্ৰী অ' এছ মানিয়ানৰ এই দশা হ'ল। মন্ত্ৰীজনে কিছুদিনৰ পূৰ্বে অহা গাজা ঘূৰ্ণিবতাহত ক্ষতিগ্ৰস্ত লোকৰ ক্ষয়ক্ষতিৰ বুজ ল'বলৈ গৈছিল। তেতিয়াই এই পশুখেদা খালে মন্ত্ৰীগৰাকীয়ে। সম্প্ৰতি পোহৰলৈ আহিছে এই ভিডিঅ'। চাওঁক মন্ত্ৰীক কেনেদৰে দিলে পহুখেদা।