বিভিন্ন আঁচনিৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অজন্তা নেওগৰ...
বিভিন্ন আঁচনিৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অজন্তা নেওগৰ... 
মুখ্য-পৃষ্ঠা

বিভিন্ন আঁচনিৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অজন্তা নেওগৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ দিছপুৰঃ ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি বিত্ত বিভাগৰ সভাকক্ষত বন আৰু পৰিবেশ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, মহিলা আৰু শিশু বিকাশ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বিভিন্ন আঁচনিসমূহৰ ৰূপায়ন তথা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বিশেষকৈ সাংস্কৃতিক বিভাগৰ অন্তৰ্গত পাটবাউসী সত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ থানৰ উন্নয়নমূলক আঁচনিসমূহৰ পৰ্যালোচনা কৰে।

একেদৰে বিত্ত বিভাগৰ অভিনন্দন আঁচনি, বন আৰু পৰিবেশ বিভাগৰ সেউজ অসম অভিযান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যৰ কৰ্কট চিকিৎসা প্ৰতিষ্ঠানত ৰ'বটিক ছাৰ্জাৰী ইউনিট প্ৰতিষ্ঠা, দুধনৈ আৰু পলাশবাৰী আয়ুৰ্বেদিক কলেজ স্থাপনৰ প্ৰাৰম্ভিক কাম - কাজৰ অগ্ৰগতি, স্নেহ স্পৰ্শ আঁচনিৰ ৰূপায়নৰ লগতে মহিলা আৰু শিশু বিকাশ বিভাগৰ জৰিয়তে বাক্সা, চিৰাং, মাজুলী আৰু চৰাইদেউত আদৰ্শ অংগনবাদী কেন্দ্ৰ প্ৰয়োজন অনুসৰি নিৰ্মাণ কৰাৰ বাবে বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

নেওগে বিভাগসমূহক নিৰ্দিষ্ট সময়ৰ ভিতৰত আঁচনি ৰূপায়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে এই আঁচনিসমূহৰ জৰিয়তে যাতে সৰ্বসাধাৰণ ৰাইজ উপকৃত হয়, তাৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াই।

আজিৰ এই পৰ্যালোচনা বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে ৰাজ্য চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে।