মুখ্য-পৃষ্ঠা

কেন্সাৰৰ সৈতে যুঁজি আছে অষ্ট্ৰেলিয়াক বিশ্বকাপ উপহাৰ দিয়া অধিনায়ক মাইকেল ক্লাৰ্ক…

asomiyapratidin

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াক ক্ৰিকেটৰ বিশ্বকাপ উপহাৰ দিয়া অধিনায়ক মাইকেল ক্লাৰ্কে যুজিঁ আছে কেন্সাৰৰ সৈতে। ২০১৫ চনত অষ্ট্ৰেলিয়াক বিশ্বকাপ উপহাৰ দিয়া অধিনায়ক ক্লাৰ্কে ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাজহুৱা কৰিছে এই কথা। চৰ্ম কেন্সাৰত ভোগা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে বৰ্তমান কৰাই আছে চিকিৎসা।

২০১৫ চনত বিশ্বকাপ জয়ৰ পাচতে ক্ৰিকেটক বিদায় দিয়া ক্লাৰ্কে সোমবাৰে ছচিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰি কয়- বৰ্তমান মোৰ চিকিৎসা চলি আছে। আজি মোৰ মুৰৰ চাৰ্জাৰী হৈছে। যথেষ্ট আবেগিক হৈ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে শ্বেয়াৰ কৰিছে এই ফটো।

https://www.instagram.com/p/B2FrqQNJ5c4/?utm_source=ig_embed

উল্লেখ্য যে, মাইকেল ক্লাৰ্কৰ এয়া হৈছে চতুৰ্থটো চাৰ্জাৰী। ২০০৬ চনৰ পৰাই কেন্সাৰৰ সৈতে যুজিঁ আছে অষ্ট্ৰলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।