মুখ্য-পৃষ্ঠা

মেট্ৰিকতো হৈছিল ৰাজ্যৰ ভিতৰতে প্ৰথমঃ জুবিনক মনে প্ৰাণে ভালপোৱা দৰঙৰ ধৃতিৰাজ পুনৰ বিজ্ঞান শাখাৰ শীৰ্ষত…

asomiyapratidin

ডিজিটেল সংবাদ,‌মঙলদৈঃ বিজ্ঞান শাখাত প্ৰথম স্থানেৰে পুনৰ উজলিল দৰঙৰ বানেইকুছিৰ ধৃতিৰাজ বাস্তৱ কলিতা। সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি ধৃতিৰাজ বাস্তৱ কলিতাই দৰং জিলালৈ সুনাম কঢ়িয়াই আনে।ধৃতিৰাজৰ ঘৰ পাথৰিঘাট ৰাজহ চক্ৰৰ বানেইকুছি গাঁওত ৷

ছিপাঝাৰ টিনিটি জিনিয়ৰ কলেজৰ ছাত্ৰ ,দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ধৃতিৰাজ বাস্তৱ কলিতাই মুঠ ৪৯১ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ ধৃতিৰাজ বাস্তৱ কলিতাই ২০২০ চনৰ হাইস্কুল হাইস্কুল শিক্ষান্ত পৰিক্ষাতো প্ৰথম স্থান দখল কৰিছিল ৷ক'ভিড পৰিস্থিতিৰ বাবে অধ্যয়নত ক্ষতি কৰাৰ উপৰিও ধৃতিৰাজ বাস্তৱ কলিতাক কভিডে কৰিছিল সহায় ৷

কভিডৰ বাবে ধৃতিৰাজে বেছি পঢ়া শুনাত আত্মনিয়োগ কৰিব পাৰিছিল বুলি জানিব দিয়ে ৷পঢ়া শুনাৰ লগতে গীত-মাত চৰ্চা কৰা ধৃতিৰাজ বাস্তৱ কলিতা এগৰাকী সু- গায়ক ৷ জুবিন গাৰ্গৰ গীত গাই ভালপোৱা ধৃতিৰাজ বাস্তৱ কলিতাই আজিৰ শুভ দিনতোত গালে প্ৰিয় শিল্পী গৰাকীৰ গীত ৷