মুখ্য-পৃষ্ঠা

হঠাৎ ৰেডিশ্যন ব্লুত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা…

asomiyapratidin

ডিজিটেল ডেস্কঃ হৰ্ঠাৎ ৰেডিশ্যন ব্লুত সোমাল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। হোটেল খনত বাহৰ পাতি থকা মহাৰাষ্ট্ৰ শিৱসেনাৰ আৰু নিৰ্দলীয় বিসম্বাদী বিধায়কসকলক সাক্ষাতৰ বাবে কনৰাড চাংমাই ৰেডিশ্যন ব্লুলৈ যোৱা খবৰে ব্যাপক চৰ্চা লাভ কৰিছে।

অৱশ্য মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিসম্বাদী বিধায়কসকলক সাক্ষাৎ কৰিবলৈ যোৱাৰ কথা অস্বীকাৰ কৰে। বিমান বন্দৰলৈ গৈ থকা পথত ৰেডিশ্যন ব্লুত সোমাই কিছু সময় জিৰণি লবলৈ আহিছো বুলি কলেও মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ সৈতে সৌজন্যতামূলক হলেও সাক্ষাতৰ বাবে যে কনৰাড চাংমা গৈছিল তাত কোনো সন্দেহ নাই।

ইফালে এই পৰ্যন্ত মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰক লৈ সৃষ্টি হোৱা সংকট আৰু ইয়াৰ কোনো ৰাজনৈতিক সমাধান বাহিৰ হোৱা নাই। হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি থকা দুজন শিৱসেনাৰ বিধায়ক ক্ৰমে, দিপক কেশৱকাৰ আৰু আশীষ জয়চোৱাল হোটেলৰ বাহিৰলৈ ওলাই যায়।

কটকটীয়া নিৰাপত্তা বেষ্টনী ভেদি এই দুই বিধায়ক কিয় বাহিৰলৈ গল তাক লৈও সৃষ্টি হৈছে তীব্ৰ চৰ্চা। শেহতীয়াকৈ এক সূত্ৰই সদৰি কৰা মতে, শিৱসেনাৰ আন তিনিজন বিধায়ক গুৱাহাটীলৈ আহি আছে। তেওঁলোকেও আহি হোটেল ৰেডিশ্যন ব্লুতে বাহৰ পাতিব।

লক্ষণীয়ভাৱে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে শিৱসেনাৰ বিধায়কসকলক সাক্ষাৎ কৰা নাই। বৃহস্পতিবাৰে হেলিকপ্টাৰেৰে বৰাকৰ বান পৰিস্থিতি পৰ্যবেক্ষণত ব্যস্ত থাকে মুখ্যমন্ত্ৰী শৰ্মা। অৱশ্যে দুপৰীয়া ভাগত গুৱাহাটী উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে বিদ্ৰোহী মহাৰাষ্ট্ৰৰ বিধায়কসকল ক সাক্ষাত কৰে।