মুখ্য-পৃষ্ঠা

মা হ’বলৈ ভয় এতিয়া অসমত…

asomiyapratidin

♦ ডি জে ধনন্তৰি

চৰকাৰে দাবী কৰাৰ দৰেকৈ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃতাৰ্থত উন্নতি হৈছেনে? চৰকাৰে যিমানেই দাবী নকৰক কিয় তথ্যই পিছে আন এখন ছবিহে উদঙাই দিছে। ছবিখন দেখাৰ পিছত এয়া স্পষ্ট হৈ পৰে যে ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাতো যথেষ্ট বিপদজনক। একাধিক আঁচনি থকাৰ পিছতো ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়সমূহত প্ৰসূতিয়ে লাভ নকৰে পৰ্যাপ্ত সা-সুবিধা।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰাজ্যখনত বৰ্তমান ৮১ খন বিভিন্ন আঁচনিৰ কাম চলি আছে। ইয়াৰে অধিকাংশ আঁচনিয়েই প্ৰসূতিক সামৰি লয়। তৎসত্বেও দেশৰ ভিতৰতে প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত শেষৰ স্থানত আছে অসম। চৰকাৰী তথ্য অনুযায়ী প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ৰাষ্ট্ৰীয় গড় হৈছে ১৩০। বিপৰীতে অসমত এই হাৰ হৈছে ৩০০। শেহতীয়া তথ্য অনুযায়ী যোৱা ৩০ দিনত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৮ গৰাকী আৰু কাছাৰ জিলাত ১৭ গৰাকীকৈ প্ৰসূতিৰ মৃত্যু ঘটিছে।

যিসময়ত ভাৰতৰ আন ৰাজ্যসমূহত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত চৰকাৰী স্বাস্থ্য খণ্ডই ৰাইজক উপকৃত কৰাত সফলতা অৰ্জন কৰিছে সেই সময়ত অসমত তিল তিলকৈ ধ্বংসৰ দিশে গতি কৰিছে চৰকাৰী চিকিৎসালয়সমূহ। স্বাস্থ্যখণ্ডৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ বাবে গুৱাহাটীৰ লগতে ৰাজ্যখনৰ প্ৰতিখন সৰু-বৰ ঠাইতে গঢ় লৈ উঠিছে ইখনৰ পিছত সিখনকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়। এনে চিকিৎসালয়সমূয়ত ৰোগীৰ ভিৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে।

সৰ্বসাধাৰণৰ মাজতো এতিয়া এনে ধাৰণা গঢ় লৈ উঠিছে যে ভাল চিকিৎসা লাভ কৰিবলৈ হ'লে চৰকাৰী চিকিৎসালয়লৈ গৈ লাভ নাই। বিশেষকৈ অধিকাংশ পৰিয়ালে ধন ধাৰলৈ লৈ হ'লেও প্ৰসূতিক ব্যক্তিগত চিকিৎসালয়তহে ভৰ্তি কৰাবলৈ লোৱা দেখা গৈছে। কিয়নো চৰকাৰী চিকিৎসালয়ৰ প্ৰতি সৰ্বসাধাৰণৰ কোনো ভৰসা নাই। ক'ৰবাত যদি চিকিৎসক নাই, আন ক'ৰবাত আকৌ নাই প্ৰসূতিক প্ৰদান কৰিবলগীয়া আন সা-সুবিধা।

কিন্তু কিয় এনে হ'বলৈ পালে? এটা দশকতকৈয়ো অধিক কাল ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছে এজন বিশেষ ব্যক্তি। নতুন দলত যোগ দিয়াৰ পূৰ্বে স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ থকাৰ সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ছাডেন ভিজিটকে আদি কৰি একাধিক চমক সৃষ্টিৰে স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হোৱা বুলি ৰাইজক দেখুৱাবলৈ চেষ্টাৰ কোনো ক্ৰুটি কৰা নাছিল মন্ত্ৰীজনে। সেই মন্ত্ৰীজনেই নতুন চৰকাৰৰ দিনটো উক্ত বিভাগৰ দায়িত্ব লাভ কৰিছে।

ইমানৰ পিছতো ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত আজি নাই পৰ্যাপ্ত চিকিৎসক। বিগত চৰকাৰৰ দিনত মন্ত্ৰীজনে মন গ'লেই চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি কেবাখনো ঠাইত সেয়া গঢ়ি তুলিলেও তাত এতিয়া পৰ্যাপ্ত চিকিৎসাৰ পৰিৱৰ্তে দেখা যায় কেৱল কৰ্মচাৰীৰ প্ৰতিবাদ। ক'ৰবাত যদি ছাদ খহি পৰে আন ক'ৰবাত আকৌ অসহায়ভাৱে মৃত্যুমুখত পৰে নৱজাতক।

কিছুদিন পূৰ্বে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ১৭টিকৈ নৱজাতকৰ মৃত্যু হয়। পিছে সেই খবৰ ল'বলৈ আহৰি নহ'ল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিষয়টোক লৈ টু শব্দ এটাও নক'লে। স্থানীয় বিধায়ক হীতেন গোস্বামীয়েও এবাৰলৈও চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে।

যোৰহাটৰ এই কৰুণ ঘটনাৰ কেইমাহমান পূৰ্বে ১০২ আৰু ১০৮ৰ দৰে জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত মুখৰ হৈ পৰিছিল। এসপ্তাহতকৈয়ো অধিক দিনৰ বাবে স্তব্ধ হৈ পৰিছিল চৰকাৰী এম্বুলেন্স সেৱা। তৎসত্বেও বিষয়টোক লৈ কোনো তৎপৰতা প্ৰকাশ কৰা নাছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আচৰিত ধৰণে মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত প্ৰতিবাদী কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলিহে ঘোষণা কৰে। মন্ত্ৰীজনৰ এনে ঘোষণাই কৰ্মচাৰীসকলক পৰৱৰ্তী সময়ত অধিক বিদ্ৰোহীহে কৰি তোলে।

এনেদৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰায় প্ৰতিটো দিশতে দেখা যায় বিফলতাৰ ছবি। ৰাইজক দেখুৱাই বাহঃ বাহঃ ল'বলৈ কেন্সাৰ হাস্পতাললৈ ৩৪ কোটি টকীয়া পেট মেচিন আনিলে স্বাস্থ্য বিভাগে। কিছুদিন পিছতে সেই চিকিৎসালয়খন চৰকাৰে গতাই দিয়ে টাটাক। সফলতাৰ ঢাক-ঢোল বজোৱা চৰকাৰখনৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্যমন্ত্ৰীজনে এনেকৈয়ে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ পৰিৱৰ্তে ব্যক্তিগতখণ্ডকহে উৎসাহিত কৰিবলৈ উঠি-পৰি লাগিছে।

চৰকাৰৰ এনে ভুল নীতিৰ ফলতে আজি সাধাৰণ ৰোগ এটা হ'লেই ভয়ত কঁপি উঠে ৰাজ্যবাসী। মনলৈ আনে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ নাম। ইয়াৰে সুযোগ লৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহেও ৰোগীৰ পৰিয়ালক সৰ্বস্বান্ত কৰিবলৈ সাজু হৈ থাকে। এই সকলোবোৰ কথা জানিও নেদেখাৰ ভাও ধৰে স্বাস্থ্য বিভাগে। গোপন কমিছনৰ অংকত পৰ্যাপ্ত সা-সুবিধা নথকা স্বত্বেও চিকিৎসাৰ নামত ব্যৱসায় চলাই যাবলৈ বিভাগে সৰ্বতোপ্ৰকাৰে সহায়-সহযোগিতা আগবঢ়ায়।

ফলত ৰাজ্যবাসীৰ বাবে উন্নত চিকিৎসা সপোন হৈয়ে ৰয়। আমেৰিকা, ইংলেণ্ডৰ চিকিৎসা ব্যৱস্থা কিধৰণৰ সেয়া কাকত-আলোচনী, ইণ্টাৰনেটত বিচাৰিয়েই লাভ কৰে সান্ত্বনা। যি সময়ত কিউবাৰ দৰে দেশত বছৰি প্ৰতি ১লাখ গৰাকী প্ৰসূতিৰ বিপৰীতে মাত্ৰ ৩৯ গৰাকী প্ৰসূতিহে মৃত্যুমুখত পৰে সেই সময়ত অসমত মাত্ৰ এমাহতে মৃত্যুমুখত পৰে ৬০গৰাকীকৈ প্ৰসূতি। ইমানৰ পিছতো চৰকাৰে কিদৰে স্বাস্থ্য বিভাগত উন্নয়ন হৈছে বুলি দাবী কৰে সেয়া সৰ্বসাধাৰণৰ বাবে হৈ পৰিছে এক নুবুজা সাঁথৰ।