মুখ্য-পৃষ্ঠা

মাৰুটি ছুজুকীয়ে গ্ৰাহকৰ পৰা ঘূৰাই আনিব ৪০,৬১৮খন ৱেগ’ন-আৰ, কিন্তু কিয়…

asomiyapratidin

ডিজিটেল ডেস্কঃ গাড়ী নিৰ্মাণ কোম্পানী মাৰুটি ছুজুকীয়ে প্ৰায় ৪০,৬১৮খনকৈ ৱেগ'ন-আৰ ঘূৰাই আনিব গ্ৰাহকৰ পৰা। নিৰ্মাণগত ক্ৰুটি থকাৰ বাবে গ্ৰাহকৰ পৰা ঘূৰাই আনিব গাড়ী কেইখন। এই কথা শুকুৰবাৰে ঘোষণা কৰে গাড়ী নিৰ্মাণ কোম্পানীটোৱে।

তদুপৰি, কোম্পানীটোৱেঘোষণা কৰা অনুসৰি, সমগ্ৰ বিশ্বত এই ক্ৰুটি সংশোধন কৰাৰ বাবে অভিযান চলোৱা হ'ব।কেৱল ১ লিটাৰ ক্ষমতাৰ ইন্ধন পৰিবাহী অংশযুক্ত ৱেগন-আৰৰ ইন্ধননলীৰ ক্ৰুটি থকা গাড়ীকেইখনৰ নিৰ্মাণ কৰা হৈছিল ১৫ নবেম্বৰ, ২০১৮ৰ পৰা ১২ আগষ্ট ২০১৯ৰ ভিতৰত।

গাড়ী নিৰ্মাণকোম্পানীটোৱে গাড়ীৰ গ্ৰাহক কেইজনৰ বাবে লগতে জনাইছে যে, ৱেগন-আৰ গ্ৰাহকসকলেকোম্পানীটোৰ ৱেবছাইট marutisuzuki.com ত ক্লিক কৰি 'চাৰ্ছ বাৰ'ততেওঁলোকৰ বাহন কেইখনৰ চেছিছ নম্বৰ সন্ধান কৰি পৰীক্ষা কৰিব পাৰে যে, তেওঁলোকৰগাড়ীত কোনো বিসংগতি পৰীক্ষাৰ প্ৰয়োজন আছে নে নাই।