মুখ্য-পৃষ্ঠা

চৰাইদেউ সোণাৰিত আছু’ৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

Asomiya Pratidin

ডিজিটেল সংবাদ, সোণাৰি : আজি শ্বহীদ দিৱস ৷ ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনত ৮৫৫ গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰৰ দৰে এইবছৰো ছাত্ৰ সন্থাই ১০ ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব।

সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ঐতিহ্যমণ্ডিত সোনাৰি চহৰৰ মাজমজিয়াত কেন্দ্ৰীয় শ্বহীদ কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসৰ আয়োজন কৰিছে।