মুখ্য-পৃষ্ঠা

‘আগতে সকলো ঠিক আছিল! এতিয়া প্ৰেমিকৰ সৈতে সামান্য কাজিয়া লাগিলেও কয়- মোক ধৰ্ষণ কৰা হৈছে’

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ ভিতৰত তেওঁৰ ৰাজ্যতেই ধৰ্ষণৰ সংখ্যা সৰ্বাধিক। বিজেপি শাসিত হাৰিয়ানাত এতিয়া ধৰ্ষণ, শ্লীলতাহানিৰ ঘটনা ৪৭ শতাংশ হৈ পৰিছেগৈ। অৰ্থাৎ সমগ্ৰ দেশৰ ধৰ্ষণ, নিৰ্যাতনৰ ঘটনাৰ ৪৭ শতাংশই সংঘটিত হয় বিজেপি নেতৃত্বাধীন হাৰিয়ানাত। ইয়াৰ বাবে বিৰোধীয়ে সময় সময়ে ৰাজ্যৰ চৰকাৰখনক আক্ৰমণ কৰি আহিছে। ধৰ্ষণ কাণ্ড প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাই আহিছে।

এইবাৰো বিৰোধী পক্ষৰ তেনে আক্ৰমণ-দাবীৰ পিছতে বিৰোধীৰ মুখ বন্ধ কৰিবলৈ নতুন যুক্তিৰ আমদানি কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰে। পঞ্চকুলাৰ এক জনসভাত বিজেপি মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ লৈ কয় যে- ৮০ৰ পৰা ৯০ শতাংশ পৰ্যন্ত ঘোষণা পৰিচিতসকলৰ মাজতে সংঘটিত হয়। তেওঁলোকে একেলগে মিলামিচা কৰে, ঘুৰা ফুৰা কৰে। তাৰ পিছত এদিন সামান্য কাজিয়া বা মতানৈক্য ঘটিলেই যুৱতী বা কিশোৰীগৰাকীয়ে তেওঁক ধৰ্ষণ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে।

তেওঁ কয়- 'আগেয়েও ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। কিন্তু আগতে ধৰ্ষণক লৈ কোনেও ইমান হৈ চৈ কৰা নাছিল। কিন্তু দুখৰ বিষয় এতিয়া বহু যুৱতী-মহিলাই ইয়াৰ সুযোগ লৈছে। সাধাৰণ কথাত মতানৈক্য ঘটিলেই প্ৰেমিক বা বন্ধুজনৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে।'

উল্লেখ্য যে, কেৱল এইবাৰেই নহয়, ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰে ধৰ্ষণ আৰু মহিলা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ শ্লীলতাহানি আৰু ধৰ্ষণৰ বাবে মহিলাসকলকে দায়ী বুলি মন্তব্য কৰিছিল। তেওঁ কৈছিল- 'মহিলাই ভদ্ৰভাৱে পোছাক পিন্ধিলে পুৰুষে তেওঁলোকলৈ বেয়া চকু নিদিয়ে। মহিলাই যদি ইমানেই স্বাধীনতা বিচাৰে, তেন্তে নগ্ন হৈও ফুৰিব পাৰে।'

ইফালে মনোহৰলাল খাট্টাৰে কৰা মন্তব্যৰ পিছতে কংগ্ৰেছসহ বিৰোধীয়ে মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়। কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজেৱালাই খাট্টাৰৰ মন্তব্যত অসন্তুষ্টি প্ৰকাশ কৰি টুইট কৰি কয় যে হাৰিয়ানা চৰকাৰে মহিলাক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হোৱা বাবেই এনে কিছুমান মন্তব্যৰে নিজক বচাবলৈ হাস্যকৰ প্ৰয়াস চলাইছে।'