মুখ্য-পৃষ্ঠা

মঙলদৈত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যৰ লগতে মঙলদৈতো ৰন্ধন গেছ, ডিজেল, পেট্ৰোল জাত সামগ্ৰী মূল্যবৃদ্ধিৰ পতিবাদত মঙলদৈ টাউন কংগেছ কমিটিৰ উদ্যোগত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কায্যসুচী ৰূপায়ণ কৰে।শনিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১বজালৈ মঙলদৈ চহৰৰ ভেবাৰঘাটৰ তেলডিপোৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কায্যসুচি ৰূপায়ন কৰে।

এই অৱস্থান ধৰ্মঘট কায্যসুচিত প্ৰাক্তন মন্ত্ৰী বসন্ত দাস,জিলা কংগ্ৰেছৰ সভাপতি কামেনী ডেকা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা, মঙলদৈ মণ্ডল কংগ্ৰেছৰ সভাপতি ৰাকেশ বৰুৱা সহ বহু সংখ্যক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।