মুখ্য-পৃষ্ঠা

মঙলদৈত পথ দুৰ্ঘটনা, নিহত এজন…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ মহাবিদ্যালয়ৰ সমুখতে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দূৰ্ঘটনাত মঙ্গলবাৰে প্ৰাণ হেৰুৱালে এগৰাকী দায়িত্বশীল কৰ্মচাৰীয়ে। নৰেন বৰুৱা নামৰ ৪৭ বছৰীয়া যুৱক গৰাকীৰ মৃত্যুৱে শোকাকুল কৰি তুলিছে মঙলদৈ তথা পাথৰিঘাটবাসীক।

লক্ষনীয় যে, পাথৰিঘাটস্থিত ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াৰ কাৰ্যালয়ৰ পৰিসংখ্যক সহায়ক নগেন বৰুৱাৰ পুৱা ১০ বাজি ৩০ বজাত মঙলদৈৰ পৰা নিজৰ দুচকীয়া বাহনেৰে বাহন নং AS 13 F 6641 ৰে নিজ কাৰ্যালয়লৈ আহি থকাৰ পথত ১৫ নম্বৰ ৰাষ্টীয় ঘাই পথৰ মঙলদৈ কলেজ সন্মূখত গোবৰ কঢ়িয়াই অনা 407 নং AS 13A-0278 ট্ৰাকৰ মুখামুখি এক পথ দূৰ্ঘটনাত থিতাটে মৃত্যুক আকোৱালি লয়। অতি নিৰ্জু তথা সহজ সৰল স্বভাৱৰ ব্যক্তি গৰাকীৰ অকাল মৃত্যুত পাথৰিঘাট তথা মঙলদৈত শোকৰ ছা পেলাইছে।