মুখ্য-পৃষ্ঠা

মানকাচৰত একেটা পৰিয়ালৰ তিনি জনৰ দেহত কোভিড-১৯ পজিটিভ

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমৰাঃ দক্ষিণ শালমৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ মৈশালডাঙ্গা গাঁৱত একেটা পৰিয়ালৰ তিনি জন লোকৰ দেহত কোভিড ১৯ পজিটিভ ধৰা পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে মৈশালডাঙ্গা গাঁৱৰ নুৰ জামাল শেখ নামৰ লোকজনৰ লগতে তেওঁৰ পত্নী হালিমা খাতুন আৰু জীয়েক ৰেণুকা পাৰভিনৰ গাত ধৰা পৰিছে কোভিড ১৯ ৰ অৱস্থিতি।

নুৰ জামাল শেখ আৰু তেওঁৰ পত্নী হালিমা খাতুন যোৱা কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল। ফলত ওচৰত থকা গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষাত বাবে অহাত চিকিৎসকে দুয়োৰে কোভিড পৰীক্ষা কৰায়।

ফলত দুয়োৰে গাত কোভিড ১৯ পজিটিভ ধৰা পৰে। ইফালে পৰিয়ালটোত থকা আন দুগৰাকী সন্তানক চিকিৎসকে কোভিড পৰীক্ষা কৰাত ৯ বছৰীয়া কন্যা সন্তান ৰেণকা পাৰভিনৰ গাত কোভিড ১৯ ৰ পজিটিভ ধৰা পৰে। অৱশ্যে পৰিয়ালটোৰ পুত্ৰ সন্তানটিৰ পৰীক্ষাৰ পাছত তেওঁৰ ফলাফল ঋণাত্মক আহে।

মন কৰিবলগীয়া যে নুৰ জামাল শেখ দৈনিক গাঁও খনৰ একাংশ পুখুৰীৰ পৰা মাছ ক্ৰয় কৰি চুবুৰীয়া ৰাজ্য মেঘালয়ত গৈ মাছ খিনি বিক্ৰী কৰি ঘৰলৈ উভতি আহে। মেঘালয়ৰ পৰা তেওঁ প্ৰথমে আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ পৰিয়ালৰ আন সদস্য কেইজন আক্ৰান্ত হৈছে বুলি মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ ছাদ্রুল হক খন্ধকাৰ জানিবলৈ দিয়ে।