মুখ্য-পৃষ্ঠা

মৰি গ’লেও মোডীৰ লগত নবহে দিদি…

asomiyapratidin

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীক প্রধানমন্ত্ৰী বুলি নাভাবে মমতা বেনাৰ্জীয়ে। প্ৰয়োজন হ'লেও তেওঁৰ সৈতে নবহে বৈঠকত। এই ঘোষণা কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। প্ৰধানমন্ত্ৰীৰ সমালোচনাত সৰৱ হোৱা মমতাই লগতে ক'লে- তেওঁৰ যদি কিবা কথা পাতিব লগা আছে তেন্তে পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ সৈতেহে পাতিব।

দুদিনৰ পূৰ্বে ফেনীয়ে জোঁকাৰি যোৱা ৰাজ্যখনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সাহায্য নালাগে বুলিও ঘোষণা কৰিলে মমতাই। ঘূৰ্ণীত হোৱা ক্ষয়ক্ষতিৰ সৈতে পশ্চিমবংগই নিজেই মোকাবিলা কৰিব পাৰিব বুলিও ঘোষণা কৰে মমতাই।