মুখ্য-পৃষ্ঠা

১৩ জানুৱাৰীত অনুষ্ঠিত হ’বলগা বিৰোধী দলৰ বৈঠকত অংশ নলয় মমতাই, কাৰণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৩ জানুৱাৰীত দিল্লীত অনুষ্ঠিত হ'বলগা বিৰোধী দলৰ বৈঠকত অংশ নলয় তৃণমূল কংগ্ৰেছে। বৃহস্পতিবাৰে এই কথা স্পষ্ট কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মমতা বেনাৰ্জীয়ে।

বিৰোধী দলৰ বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে পশ্চিম বংগত কংগ্ৰেছ আৰু বাওপন্থী দলসমূহে 'নিকৃষ্ট ৰাজনীতি'ৰ খেল খেলিছে। সেই বাবেই তেওঁ বিৰোধী দলৰ বৈঠকত অংশ লোৱাৰ পৰা বিৰত থাকিব।

ইফালে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে অকলেই যুঁজ দি যোৱাৰ হুংকাৰ দি মমতা বেনাৰ্জীয়ে কয়, 'কংগ্ৰেছ আৰু বাওপন্থী দলসমূহে ৰাজনৈতিক স্বাৰ্থত 'কা' আৰু এনআৰচিৰ বিৰোধিতা কৰে। কিন্তু আমি অস্তিত্বৰ স্বাৰ্থত বিৰোধিতা কৰিছো। গতিকে তেওঁলোকৰ প্ৰতিবাদ আৰু আমাৰ প্ৰতিবাদৰ মাজত পাৰ্থক্য আছে। মই অকলেই 'কা' আৰু এনআৰচিৰ বিৰুদ্ধে যুঁজ কৰি যাম।'