মুখ্য-পৃষ্ঠা

চীনা এপছ নিষিদ্ধ কৰিলেই নহ’ব, আৰু কঠোৰ হ’ব লাগিবঃ মমতা বেনাৰ্জী…

asomiyapratidin

ডিজিটেল ডেস্কঃ চীনক-ভাৰতৰ সংঘাতৰ পৰিণতিত শেহতীয়াকৈ ভাৰত চৰকাৰে দেশত নিষিদ্ধ কৰিছে টিকটককে ধৰি ৫৯টা চীনা এপছ। চৰকাৰৰ এই সিদ্ধান্তক লৈ বিভিন্ন মহলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ এই বিষয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

বেনাৰ্জীয়ে কয়, চীন এপছ নিষিদ্ধ কৰাটোৱে যথেষ্ট নহয়। চীনক এনেবোৰ কাৰ্যৰ উচিত প্ৰত্যুত্তৰ দিয়া উচিত। তেওঁ লগতে কয়, এই বিষয়ৰ সন্দৰ্ভত অৱশ্যে কেন্দ্ৰই চূড়ান্ত সিদ্ধান্ত ল'ব। চীনা বিৰোধী কেন্দ্ৰৰ সকলো সিদ্ধান্তক আমি আদৰণি জনাম। কিন্তু আমি চীনৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ'ব লাগিব।