মুখ্য-পৃষ্ঠা

মমতাৰ ঘোষণা : এখন ভৰিৰেই পশ্চিমবংগত জয়,সুস্থ হৈ উঠিলে দুয়োখন ভৰিৰে দিল্লী বিজয়…

asomiyapratidin

ডিজিটেল ডেস্ক : বিজেপিয়ে পশ্চিমবংগ দখলৰ বাবে বাহিৰৰ পৰা লাখ লাখ গুণ্ডা আনিছে বুলি অভিযোগ উত্থাপন কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । বেনাৰ্জীয়ে বিজেপিক বিহিৰাগত বুলিও অভিযোগ উত্থাপন কৰে । মমতাই কয় ' প্ৰথমে দিল্লীৰ কথা চিন্তা কৰক পিছত পশ্চিমবংগৰ কথা চিন্তা কৰিব '।

মমতাই হুগলীৰ দেবাানন্দপুৰত মমতাই এটা ভৰিৰে পশ্চিমবংগ জিকিব আৰু ভৱিষ্যতে সুস্থহৈ দুয়োখন ভৰিৰে দিল্লী জিকিব বুলি মন্তব্য কৰে । ইফালে মমতা বেনাৰ্জীয়ে সকলো বিৰোধী দললৈ এক হ'বলৈ পত্ৰ লিখে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকললৈ চিঠি লিখি কেন্দ্ৰত বিজেপি চৰকাৰৰ কথিত জনবিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ ৰখাৰ আহ্বান জনাই।