মুখ্য-পৃষ্ঠা

অজয় মাকনে এৰিলে নেকি কংগ্ৰেছ! 

asomiyapratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দিল্লী কংগ্ৰেছৰ দায়িত্বত থকা অজয় মাকনে পদত্যাগ কৰা খবৰে দেশৰ ৰাজনীতিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে এই খবৰ অস্বীকাৰ কৰিছে কংগ্ৰেছৰ নেতৃত্বই।

এনে খবৰ ওলাইছিল যে- দিল্লী কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল অজয় মাকনে। এই কথা অস্বীকাৰ কৰি দিল্লীৰ দায়িত্বত থকা কংগ্ৰেছৰ নেতা পি চি চাক'ই কয়- তেওঁৰ স্বাস্থ্যগত কাৰণত বাহিৰলৈ গৈছে আৰু এসপ্তাহৰ ভিতৰতে তেওঁ ঘূৰি আহিব।

অৱশ্যে কিছুদিনৰ পূৰ্বে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে আৰু দিল্লী কংগ্ৰেছৰ দায়িত্বত থকা  পি চি চাক'ক সাক্ষাৎ কৰিছিল। মুলতঃ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ সৈতে মাকনৰ সংঘাত দীৰ্ঘদিনীয়া। তেনে পৰিস্থিতিত মাকনে কংগ্ৰেছ এৰা সম্ভাৱনা নুই কৰিব নোৱাৰি।