মুখ্য-পৃষ্ঠা

মাজুলীত মহাপুৰুষ শংকৰদেৱৰ ৫৭৩ তম জন্ম জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি…

asomiyapratidin

ডিজিটেল সংবাদ,মাজুলীঃ মহাপুৰুষ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্ম জয়ন্তী মাজুলীত উদযাপনৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে । মাজুলীৰ ৩৫ খন সত্ৰৰ লগতে তিনি শতাধিক নামঘৰ,আৰু ১৫ খনকৈ অধিক ৰাজহুৱা স্থানত শংকৰদেৱৰ জন্ম জয়ন্তী উলহ-মালহেৰে উদযাপনৰ বাবে সকলো সাজু হৈছে সমগ্ৰ মাজুলীবাসী।  সত্ৰ সমূহতো নাম প্ৰসংগ গায়ন বায়ন  নৃত্য ভাওনা আদি পৰিবৱেশনৰ কৰা হ'ব।

আনহাতে ,মাজুলীৰ ঠায়ে ঠায়ে  আলোচনা চক্ৰ মুকলি সভা আৰু বৰগীত দিহানাম প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। মাজুলীত দুৰ্গা পুজা উদযাপন নহয়, সেয়েহে প্ৰতিখন সত্ৰ,প্ৰতিটো নামঘৰে নামঘৰে গুৰু জয়ন্তী আয়োজন কৰিছে। মাজুলী মেখেলিগাৱ,ৰাৱনাপাৰ,বেজগাৱ,কমলাবাৰী, ফুলনি,কুহিয়াবাৰী,আদি অঞ্চল সমূহত আঞ্চলিক ভিত্তিত আয়োজন কৰা হৈছে শংকৰ দেবৰ জন্ম জয়ন্তী। দুপৰ নিশালৈকে  ভাওনা বৰগীত দিহানাম আদিৰ আখৰাত ব্যস্ত হৈ পৰিছে সকলো। কোভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষত উদযাপন কৰা ন'হল  গুৰু জনাৰ জন্ম জয়ন্তী।  সেয়ে  এইবাৰ কিছু শিথিল হোৱাত দুগুণ উৎসাহেৰে প্ৰস্তুতি কৰিছে মাজুলীবাসীয়ে।