মুখ্য-পৃষ্ঠা

জনসমূদ্ৰত পৰিণত মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰ, দেওবাৰে চৰকাৰী কাৰ্য‍সুচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

asomiyapratidin

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলী জিলা অনূসূচিত জাতি ৰাইজৰ উদ‍্যোগত অনূসূচিত জাতি সমাৰোহ আৰু মাজুলী জিলা অনূসূচিত জাতি ছাত্ৰ সন্থাৰ উদ‍্যোগত সতী শান্তি ৰাধিকা দিৱস দুদিনীয়া কাৰ্য‍্যসুচীৰে আজিৰ পৰা শুভাৰম্ভ হৈছে ৷ এই উপলক্ষে পুৱাৰ পৰা আজি মাজুলী মহাবিদ্যালয়ৰ খেল পথাৰ জনসমুদ্ৰত পৰিনত ৷

শনিবাৰে প্ৰথম দিনা কাৰ্যসূচী হিচাপে পুৱা ৭ বজাত পৰিৱেশ নিকাকৰন ,৮ বজাত অৱসৰ প্ৰাপ্ত শিক্ষক, পূৰ্নানন্দ হাজৰিকা ই বৃক্ষ ৰোপন ৯ বজাত ধৰ্মধবজ্বা উত্তোলন কৰে দেৱজিৎ হাজৰিকাই, ৯- ৩০ বজাত স্মৃতি তৰ্পন কৰে সৰ্ব্বশ্ৰী অনুসুচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰফূল্ল কুমাৰ দাস , আৰু মুকুল হাজৰিকা , ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিকাশ দাসে , দিনটোৰ অন্যান্য কাৰ্যসূচিৰ লগতে , ৩ বজাৰ পৰা স্বাধীনতা ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পিছতো অনূসূচিত জাতি লোকসকল সামাজিক , সাংস্কৃতিক , ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত পিছপৰাৰ মূল কাৰণ আৰু ইয়াৰ কৰণীয় শীৰ্ষক এলানী তত্বগধোৰ আলোচনা চক্ৰ আৰম্ভ হয় ।

এই আলোচনা চক্ৰৰ উদ্ধোধন কৰে মাজুলী জিলা উপায়ুক্ত‌ দেৱ প্ৰসাদ মিশ্ৰ ই ৷ আলোচক হিচাপে থাকে সাধু চৰন দাস , দেৱব্ৰত শৰ্মা , ড০ নৱ কুমাৰ গাম, পদ্ম পেগু, গণেশ হাজৰিকা সৌৰভ দেউৰী উপস্থিত থাকে। সন্ধ‍্যায়া ৬ বজাত বন্তি প্ৰজ্বলন আৰু ৭ বজাৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্য‍্যসুচীৰ আৰম্ভ হব বুলি উদযাপন সমিতিৰ সভাপতি দেৱজিৎ হাজৰিকা , সম্পাদক মুকুল হাজৰিকা , সতী ৰাধিকা উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল দাস আৰু সম্পাদক বিকাশ দাসে আমাক জানিবলৈ দিয়ে ।

দেওবাৰে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য, অসম চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা , মন্ত্ৰী পৰিমল শুক্লবৈদ‍্য, নৱ কুমাৰ দলে, পিয়ূজ হাজৰিকা, কৃপানাথ মাল্লা ,ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন, ৰনোজ পেগু , টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা, ১৪ নং লক্ষিমপুৰ লোক সভাৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, দেৰগাৱৰ বিধায়ক ভবেন ভৰালীকে ধৰি বহু জন অসমৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।