মুখ্য-পৃষ্ঠা

মাজুলীত কংগ্ৰেছৰ ১০ গৰাকী উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীঃ সুযোগৰ সন্ধানত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু…

asomiyapratidin

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ আগন্তুক উপ নিৰ্বাচনক লৈ তৎপৰ ৰাজনৈতিক দল। এফালে সৰ্বানন্দ সোনোৱালৰ উত্তৰসূৰীকলৈ সৰৱ চৰ্চা শক্তিশালী দল হিচাপে পৰিগনিত হোৱা শাসকীয় দল বিজেপি। আনহাতে কংগ্ৰেছৰ দিন বেয়া চলিছে। সেয়েহে তিনিবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে পিছদুৱাৰে বিজেপি গমনৰ সংগ্ৰাম অব্যাহত ৰাখিছে। নিদিষ্ট দুৰত অৱস্থান কৰিছে পেগুৱে।

আনহাতে ৰাজীৱ লোচন পেগুৰ অবিহনে এঘৰী যুজঁ দিবলৈ সাজু হৈছে কংগ্ৰেছ। মাজুলীত কংগ্ৰেছৰ পেকেজ ভোট থকাৰ বিপৰীতে শক্তিশালী স্থিতি আছে। প্ৰতিদ্বন্দিতা কৰিবৰ বাবে কংগ্ৰেছৰ দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰা নাই ৰাজীৱে। ইয়াৰ বিপৰীতে ১০ গৰাকী নৱীন প্ৰৱীন নিষ্ঠাবান কৰ্মীয়ে আগন্তুক নিৰ্বাচনৰ প্ৰাথিত্ব প্ৰত্যাশী।

অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা যি কেইটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হব সেই সমষ্টি কেইটাৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যশি সকলৰ পৰা আবেদন বিচাৰিছিল । সেই আবেদনৰ নিৰ্দিষ্ট সময় সীমা ২১ ছেপ্টেম্বৰ পৰা ২৭ ছেপ্টেম্বৰ আজি অন্তিম দিন আছিল । মাজুলী সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে মাজুলী সমষ্টি কংগ্ৰেছৰ পৰা নেখেলা সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অসম প্ৰদেশ কংগ্ৰেছৰ উচ্চ স্তৰীয় সূত্ৰ ই প্ৰকাশ কৰিছে ।

মাজুলীৰ পৰা ১/ বিষ্ণু কমল পায়েং ২/ মুকুল দলে ৩/জীৱন দলে ৪/কালিৰাম কুলি ৫/কমলা লক্ষ্মী পগাক ৬/সুভন দলে ৭/বুবুল ৰেগন ৮/চাৰু কমল টায়ুং ৯/ ঘন কুলি কে ধৰি ১০ গৰাকী পাৰ্থীত্ব প্ৰত্যাশিয়ে আবেদন কৰিছে। ৰাজীৱে টিকত নিবিচৰাৰ লগতে দলৰ পৰা দুৰৈত অৱস্থান গ্ৰহণ কৰাৰ পৰা।স্পষ্ট হৈছে যে বিজেপি দলত যোগদানৰ বাবে চলাই আছে সংগ্ৰাম।