মুখ্য-পৃষ্ঠা

মহাত্মা গান্ধীৰ নাতিনীক সাত বছৰৰ কাৰাদণ্ড…

asomiyapratidin

মহাত্মা গান্ধীৰ নাতিনীক সাত বছৰৰ কাৰাদণ্ড…

ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ নাতিনীক কাৰাদণ্ড প্ৰদান কৰিছে দক্ষিণ আফ্ৰিকাৰ এখন আদালতে। প্ৰৱঞ্চনা আৰু জালিয়াতিৰ গোচৰত দোষী সাব্যস্ত হোৱা গান্ধীৰ এইগৰাকী নাতিনী হৈছে আশীষ লতা ৰামগোবিন। মহাত্মা গান্ধীৰ চাৰিজন পুত্ৰৰ ভিতৰৰ দ্বিতীয়জন পুত্ৰ মণিলাল গান্ধীৰ কন্যা তথা প্ৰসিদ্ধ মানৱ অধিকাৰ কৰ্মী ইলা গান্ধীৰ জীয়ৰী আশীষ লতা।

দক্ষিণ আফ্ৰিকাৰ ডাৰ্বানৰ এখন আদালতে সোমবাৰে ৫৬ বছৰীয়া আশীষ লতাক ৬ মিলিয়ন ৰেণ্ডৰ প্ৰৱঞ্চনা আৰু জালিয়াতিৰ বাবে সাত বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ৰেণ্ড হৈছে দক্ষিণ আফ্ৰিকাৰ মুদ্ৰা আৰু আশীষ লতাই কৰা ৬ মিলিয়ন ৰেণ্ডৰ প্ৰৱঞ্চনা ভাৰতীয় টকাৰ হিচাবত ৩.২৫ কোটি টকা।

পিটিআইৰ মতে, ২০১৫ চনত আশীষ লতাৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে যেতিয়া গোচৰৰ বিচাৰ আৰম্ভ হৈছিল সেই সময়ত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় অভিযোজন কৰ্তৃপক্ষৰ বিগ্ৰেডিয়াৰ হাংৱানী মুলাউদজীয়ে কৈছিল যে, আশীষ লতাই বিনিয়োগকাৰীসকলক ভাৰতৰ পৰা তিনিটা লিনেনৰ পাত্ৰ আহি আছে বুলি বুজাবলৈ ভুৱা চালান আৰু নথিপত্ৰ দিছিল। সেই সময়ত আশীষ লতাক ৫০,০০০ ৰেণ্ডৰ জামিনত মুক্তি দিয়া হৈছিল।

সোমবাৰে আদালতত শুনানিৰ সময়ত কোৱা হৈছিল যে, আশীষ লতাই ২০১৫ চনত 'নিউ আফ্ৰিকা এলায়েন্স ফুটৱেৰ ডিষ্ট্ৰিবিউটৰ'ৰ সঞ্চালক এছ আৰ মহাৰাজক লগ কৰিছিল। মহাৰাজৰ কোম্পানীয়ে কাপোৰ, লিনেন আৰু জোতা আমদানি, নিৰ্মাণ আৰু বিক্ৰী কৰে। আনহাতে মহাৰাজৰ কোম্পানীয়ে তেওঁলোকৰ লাভ্যাংশৰ ভিত্তিত আন কোম্পানীবোৰকো বিত্তীয় সাহায্য প্ৰদান কৰে। আশীষ লতাই এছ আৰ মহাৰাজক কৈছিল তেওঁ দক্ষিণ আফ্ৰিকাৰ 'হস্পিটেল গ্ৰুপ নেট কেয়াৰ'ৰ বাবে তিনিটা লিনেনৰ পাত্ৰ অৰ্ডাৰ দিছিল। ইয়াৰ পিছতে মহাৰাজে আশীষ লতাৰ নেট কেয়াৰৰ নথি পত্ৰৰ প্ৰতি লক্ষ্য ৰাখি ঋণৰ বাবে আশীষ লতাৰ সৈতে লিখিত চুক্তিত স্বাক্ষৰ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত মহাৰাজে আশীষ লতাৰ জালিয়াতিৰ বিষয়ে জানিব পাৰিলে আৰু তেওঁৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিলে।

উল্লেখ্য যে, আশীষ লতা 'ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ নন-ভায়লেন্স' নামৰ বেচৰকাৰী সংগঠনৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালক আছিল। তেওঁ নিজকে পৰিৱেশ, সামাজিক আৰু ৰাজনৈতিক স্বাৰ্থৰ যত্ন লোৱা এগৰাকী কৰ্মী হিচাপে পৰিচয় দিছিল।