মুখ্য-পৃষ্ঠা

আজৱঃ কপোৰৰ মাস্কে হেপাঁহ নপলাল, বনালে ৩লাখ টকাৰ সোণৰ মাস্ক…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ পৰা বাচিবলৈ মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে দেশত। মাস্ক বাধ্যতামূলক কৰাৰ পিছতে বজাৰত উপলদ্ধ হৈছে ভিন্ন প্ৰকাৰৰ মাস্ক। কিন্তু শেহতীয়াকৈ মহাৰাষ্ট্ৰ পুণেৰ এগৰাকী ব্যক্তিৰ মাস্কৰ দেখিলে আপোনাৰ চকু উঠিব কপালত।

পিম্পৰী গাঁৱৰ বাসিন্দা শংকৰ কুৰাড নামৰ ব্যক্তিগৰাকীয়ে কোৰোনা সংকটকালত পৰিধান কৰিবৰ বাবে প্ৰস্তুত কৰি লৈছে এখন সোণৰ মাস্ক। এই মাস্কখনৰ মূল্য ২.৮৯লাখ টকা। আজৱ এই ব্যক্তিজনে সংবাদ মাধ্যমৰ সন্মুখত ক'লে, সোণৰ যদিও যথেষ্ট পাতল এই মাস্ক। ইয়াত কিছু সৰু সুৰু ফুটাঁও ৰখা হৈছে যাতে উশাহ লোৱাত কোনো অসুবিধা নহয়।

সোণৰ গহণা পিন্ধাত যথেষ্ট আগ্ৰহ থকা শংকৰে শৰীৰত পৰিধান কৰে প্ৰায় ৩ কিঃগ্ৰাঃ ওজনৰ সোণৰ গহনা। ডিঙিত কেইবাডালো চেইনৰ লগতে হাতৰ ১০টা আঙুলিতে আছে আঙুঠি। হাতত সোণৰ খাৰুও পিন্ধে শংকৰে। শেহতীয়াকৈ শংকৰে ৫তোলা সোণেৰে নিৰ্মাণ কৰিছে এই মাস্কখন।