মুখ্য-পৃষ্ঠা

”মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ চৰকাৰ” অৱসান মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ

asomiyapratidin

ডিজিটেল ডেস্ক: আস্থা ভোটত সংখ্যাগৰিষ্ঠতা লাভ কৰে একনাথ সিন্দে।১৬৪ টা ভোট লাভ কৰি একনাথ সিন্দে হ'ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী। কেইবাদিনো ধৰি চলি থকা মহাৰাষ্ট্ৰ ৰাজনৈতিক সংকটৰ অৱশেষত অৱসান ঘটিল।

সিন্দে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কটাক্ষ কৰি মন্তব্য কৰে লগতে বিধানসভাত কয় যে এই চৰকাৰ শিৱসেনা আৰু বিজেপিৰ চৰকাৰ।

আস্থা ভোট সম্পন্ন হোৱাৰ পূৰ্বে সিন্দে বিধানসভাত কয় যে এই চৰকাৰে বালচাহেব থাকৰেৰ হিন্দুত্ব বিচাৰধাৰাক আগবঢ়াই নিব। সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জেপি নাড্ডাকো ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, আজি সম্পন্ন হোৱা আস্থা ভোটত একনাথ সিন্দে ১৬৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধিয়ে লাভ কৰে ৯৯ টা ভোট। এই ভোট সম্পন্ন হোৱাৰ পাছত মহাৰাষ্ট্ৰৰ বিধানসভাত শ্ৰী ৰামচন্দ্ৰ কি জয়, ভাৰত মাতা কি জয় ধ্বনিও দিয়ে।

ভোটৰ সময়ত একাংশ বিধায়কে ভোট দিব পৰা নাছিল আনহাতে একাংশ বিধায়কে বিধানসভাত থকাৰ পাছতো ভোটদানৰ পৰা বিৰত থাকে।যাৰ বাবে বিপক্ষই শলঠেগত পৰে।