মুখ্য-পৃষ্ঠা

৫৮ কোটি নগদ ধন, ৫৮ কেজি সোণসহ ৩৯০ কোটি টকাৰ সম্পত্তি জব্দ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আয়কৰ বিভগাৰ তালাচীত ওলাইছে কোটি কোটি টকাৰ লগতে সোণৰ টোপোলা। মহাৰাষ্ট্ৰৰ জালনাত আয়কৰ বিভাগে এগৰাকী ব্যৱসায়ীৰ গৰত তালাচী চলাই এই অবৈধ ধন আৰু সোণ জব্দ কৰিছে। মহাৰাষ্ট্ৰৰ জালনাত আয়কৰ বিভাগে ষ্টীল, কাপোৰৰ ব্যৱসায়ী তথা ৰিয়েল ইষ্টেত ডেভলপাৰৰ ফাৰ্মহাউচত অভিযান চলাইছিল।

এই অভিযানত জব্দ হৈছে প্ৰায় ৩৯০ কোটি টকাৰ সম্পত্তি। ইয়াৰ ভিতৰত আছে ৫৮ কোটি নগদ ধন আৰু ৩২ কিলোগ্ৰাম সোণ। ইয়াৰ উপৰিও আছে হীৰা, মুকুটা আৰু বিভিন্ন সম্পত্তিৰ নথি-পত্ৰ। জব্দ হোৱা সম্পত্তিৰ পৰিমাণ ইমানেই বেছি যে ইয়াক হিচাপ কৰিবলৈ আয়কৰ বিভাগক প্ৰয়োজন হৈছিল ১৩ ঘণ্টা সময়ৰ। বুধবাৰে পুৱা ১১ বজাৰ পৰা নিশা ১ বজালৈ গণনা কৰে এই বেনামী সম্পত্তি।