মুখ্য-পৃষ্ঠা

ভয়ংকৰ পথ দুৰ্ঘটনাঃ একেলগে মৃত্যুক সাৱটিলে ৭গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ এক শোকাৱহ পথ দুৰ্ঘটনা। এখন বাহন এটা দ' খাৱৈত পৰাৰ ফলত একেলগে থিতাত নিহত হল ৭গৰাকীকৈ চিকিতসা বিজ্ঞানৰ শিক্ষাৰ্থী। মৃত এই ৭গৰাকীৰ ভিতৰত আছে এগৰাকী বিজেপি বিধায়কৰ পুত্ৰও। ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ তিৰৌৰাত।

যোৱা সোমবাৰে নিশা সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো। নিশা প্ৰায় ১১.৩০বজাত চিকিতসা বিজ্ঞানৰ ৭গৰাকী শিক্ষাৰ্থী গৈ থকা বাহনখন পৰেগৈ এটা দ' খাৱৈত। ফলত থিতাতে নিহত হয় ৭গৰাকীকৈ শিক্ষাৰ্থী। এখন দলঙত প্ৰথমে প্ৰচণ্ডভাৱে খুন্দা মৰাৰ পাছতে বাহনখন উফৰি গৈ পৰেগৈ দ' খাৱৈত।

আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে বাহনখনৰ লগতে ৭গৰাকী শিক্ষাৰ্থীৰ মৃতদেহ।